Thief Arrested at Noonmati: মহানগৰীৰ অলিয়ে-গলিয়ে ঘূৰি ফুৰিছে বহিঃৰাজ্যৰ চোৰ, নুনমাটিত 70 লাখ টকাৰ চুৰি সামগ্ৰী জব্দ - Guwahati Police
🎬 Watch Now: Feature Video
Published : Nov 14, 2023, 10:40 PM IST
গুৱাহাটী, 18 নৱেম্বৰ: মহানগৰীৰ অলিয়ে-গলিয়ে ঘূৰি ফুৰিছে বহিঃৰাজ্যৰ চোৰ, ডকাইত । গুৱাহাটীৰ স্মাৰ্ট আৰক্ষীৰ চুকত ধূলি মাৰি বহিঃৰাজ্যৰ পৰা অহা চোৰ, ডকাইতে মহানগৰীৰ বিভিন্ন স্থানত বিভিন্ন ধৰণৰ অপৰাধমূলক ঘটনা সংঘটিত কৰি আহিছে । মঙলবাৰে নুনমাটি আৰক্ষী চকীৰ অন্তৰ্গত গান্ধী মণ্ডপত অভিযান চলাই বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰ জব্দ কৰাৰ লগতে এটা চোৰক আটক কৰে নুনমাটি আৰক্ষীয়ে ৷
ধৃত চোৰটো দিল্লীৰ জাবেদ মালিক বুলি জানিব পৰা গৈছে । আটকাধীন চোৰটোৰ পৰা 6 টা লেপটপ, 5 টা বেটেৰি, 23 টা ৰেডিঅ’ ৰিমৰ্ট ইউনিটসহ কেইবালাখ টকাৰ মূল্যবান সামগ্ৰী জব্দ কৰে নুনমাটি আৰক্ষীয়ে ৷ জব্দকৃত সামগ্ৰীখিনিৰ মূল্য প্ৰায় 70 লাখ টকা হ’ব বুলি জানিব পৰা গৈছে ৷
ইফালে এই ঘটনা ডি চি পি অমিতাভ বসুমতাৰীয়ে কয় যে, আটকাধীন জাবেদ মালিকৰ সৈতে বহিঃৰাজ্যৰ চোৰৰ এটা বৃহৎ গেং জড়িত হৈ আছে ৷ সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলি উল্লেখ কৰে আৰক্ষী বিষয়াগৰাকীয়ে ৷
লগতে পঢ়ক:GMC development: প্ৰতিশ্ৰুতি মতে গুৱাহাটীৰ উন্নয়ন সাধনত ব্যৰ্থ বিজেপি !