এম্বুলেন্স নাহিল, মাজুলীত নদীৰ পাৰতে সন্তান প্ৰসৱ প্ৰসূতিৰ - Majuli medical

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 10, 2023, 4:09 PM IST

মাজুলী, 10 ডিচেম্বৰ : সৰ্ববৃহৎ নদীদ্বীপ হিচাবে মাজুলীক লৈ ঠিকেই গৌৰৱ কৰা হয় ৷ মাজুলীক লৈ ৰাজনৈতিক সভাত মন্ত্ৰী-বিধায়ক, নেতাই দিয়া ভাষণবোৰ শুনিলে বিশ্বাস কৰিব নোৱাৰি যে গৌৰৱৰ থলী মাজুলীত এই যুগতো নদীৰ পাৰতে সন্তান প্ৰসৱ কৰিবলগীয়া হয় ৷ মাজুলীৰ অধিকাংশ ঠাইতে এতিয়া সুলভ নহয় এম্বুলেন্স সেৱা ৷

যি মাজুলী সমষ্টিক প্ৰতিনিধিত্ব কৰি সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হ’ল, পৰৱৰ্তী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাজুলীৰ ভাগিনহঁতৰ লগত বহি ভাত খালে, সেই মাজুলীৰ লোহিত খাৱলু গাঁও পঞ্চায়তৰ অন্তৰ্গত ডাম্বুকিয়াল গাঁৱত এগৰাকী প্ৰসূতিয়ে নদীৰ পাৰতে প্ৰসৱ কৰিলে এটি কন্যা সন্তান ৷ তদুপৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো সময়ে-সময়ে মাজুলী পৰিদৰ্শন কৰি নিজকে মাজুলীৰ প্ৰেমিক হিচাবে পৰিচয় দিবলৈ বিচাৰে ৷ 

তথাপিও আধুনিক সমাজ ব্যৱস্থাৰ সমান্তৰালকৈ বিজেপি চৰকাৰৰ এইহেন অমৃত সময়ত এম্বুলেন্সলৈ ৰৈ ৰৈ নদীৰ পাৰতে প্ৰসৱ কৰিবলগীয়া হ’ল ৷ এই ঘটনাই শাসকীয় পক্ষৰ বৰমূৰীয়াক লজ্জানত নকৰিলেও উদঙাই দিছে অমৃত কালৰ প্ৰকৃত ছবিখন ৷

উল্লেখ্য যে, উন্নয়নৰ মুখ নেদেখা ডাম্বুকিয়াল গাঁৱৰ অনামিকা পায়েং নামৰ প্ৰসূতিগৰাকীয়ে প্ৰসৱ বেদনাত ছটফটাই থকাত পৰিয়ালৰ লোকে স্বাস্থ্য বিভাগৰ ১০৮ এম্বুলেন্সৰ লগত যোগাযোগ কৰে । কিন্তু বহু সময় যোগাযোগ কৰাৰ পাচতো যথা স্থানত এম্বুলেন্স উপস্থিত নোহোৱাত নদীৰ পাৰতে সন্তান জন্ম দিবলগীয়া হয় প্ৰসূতিগৰাকীয়ে ।

সন্তান প্ৰসৱৰ পাচত এখন ই-ৰিক্সাৰে গড়মূৰ জিলা চিকিৎসালয়লৈ লৈ যোৱা হয় প্ৰসূতি আৰু সন্তানটিক । এয়াই হৈছে বিশ্বৰ চিনাকী মাজুলীৰ উন্নয়ন ৷

লগতে পঢ়ক : পথ সজাগতাৰ বাৰ্তা লৈ নিশা মাজুলীত উপস্থিত মন্ত্ৰী পৰিমল শুক্লবৈদ্য

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.