Majuli ferry service: পুনৰ অনিৰ্দিষ্টকাললৈ বন্ধ মাজুলী-নিমাতী ফেৰী সেৱা - মাজুলী জিলা প্ৰশাসন
🎬 Watch Now: Feature Video
মাজুলী, ৯ জুলাই: দেওবাৰৰ পৰা পুনৰ বন্ধ হৈ পৰিল মাজুলী-নিমাতী ফেৰী সেৱা । ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ বাবে মাজুলী জিলা প্ৰশাসনে অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰিছে ফেৰীৰ চলাচল । বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ ।
ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ্ধিৰ ফলত ডুব গৈছে ফেৰী ৰখা ৰেম্পসমূহ । ইয়াৰ লগতে ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীত কাঠ, বিভিন্ন জাৱৰ-জোঁথৰ উটি অহা বাবে যাত্ৰীৰ জীৱনৰ কথা চিন্তা কৰি আভ্যন্তৰীণ জল পৰিবহন বিভাগে আজিৰ পৰা অনিৰ্দিষ্ট কাললৈ বন্ধ কৰিছে মাজুলী নিমাতী ফেৰী সেৱা ।
ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ কমিলেহে পুনৰ আৰম্ভ হ’ব এই ফেৰী সেৱা । ইফালে হঠাতে ফেৰী সেৱা বন্ধ হৈ পৰাত দুয়োপাৰৰ যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । পাৰাপাৰ হ’বলৈ অহা যাত্ৰীসকলে ভিৰ কৰিছেহি পাৰঘাটসমূহত । এই ফেৰীসমূহ কিবা কাৰণত বন্ধ হৈ পৰিলে গৃহবন্দী হৈ পৰে মাজুলীৰ দুই লক্ষ জনসাধাৰণ ।
লগতে পঢ়ক: Jorhat-Majuli ferry service : অনিৰ্দিষ্টকাললৈ বন্ধ যোৰহাট-মাজুলী ফেৰী সেৱা; যাত্ৰীৰ হাহাকাৰ