Clash at ISBT Guwahati: বাছ চালকক প্ৰহাৰ উদণ্ড ছাত্ৰৰ; ক্ষোভিত চালক সন্থাৰ বিক্ষোভ - নৈশ বাছৰ চালক

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 7:36 AM IST

Updated : Aug 28, 2023, 3:00 PM IST

গুৱাহাটী, 28 আগষ্ট: মহানগৰীৰ বেতকুচিস্থিত ISBT ত দুটা ফৈদৰ মাজত সৃষ্টি হয় সংঘাত । এখন ব্যক্তিগত বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ বিৰুদ্ধে দুজন নৈশ বাছ চালকক প্ৰহাৰৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ ISBT ত থকা LEIMA নামে ৰেষ্টুৰেণ্ট খনত সংঘটিত হয় এই সংঘাত । প্ৰায় 15 ৰ পৰা 20 জনীয়া এটা উদণ্ড ছাত্ৰৰ দলে আক্ৰমণ কৰে চালক দুজনক । ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় জিন্টু হাজং আৰু অপূৰ্ব নাৰ্জাৰী নামৰ চালক দুজন ।

ইফালে গড়চুক আৰক্ষীয়ে আটক কৰিছে সাতজনকৈ উদণ্ড ছাত্ৰক । সংঘাতৰ স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈ পৰে নৈশ বাছৰ চলাচল ৷ ছাত্ৰ কেইজনৰ বিৰুদ্ধে বিহীত ব্যৱস্থা নোলোৱালৈকে বাছসমূহ চলাচল বন্ধ হৈ থকাৰ ইংগিত দিছে চালকসকলে । আঘাতপ্ৰাপ্ত চালক দুজনৰ প্ৰতিটোপাল তেজৰ মূল্য বিচাৰিছে চালক তথা লাইফ অৱ এ ড্ৰাইভাৰৰ স্ৰষ্টা  ৰূপম দত্তই । জানিব পৰা মতে আক্ৰমণকাৰী ছাত্ৰকেইজন আছিল বহিঃৰাজ্যৰ ৷ পৰৱৰ্তী সময়ত এই বিবাদৰ মীমাংসা হয় ৷

লগতে পঢ়ক: One youth died: অমৃত সৰোবৰ পুখুৰীৰ পাৰত ফুৰিবলৈ গৈ বজ্ৰ পৰি নিহত যুৱক

Last Updated : Aug 28, 2023, 3:00 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.