thumbnail

By

Published : May 6, 2023, 10:15 PM IST

ETV Bharat / Videos

New born baby body recovered: কুকুৰে ভক্ষণ কৰিলে নৱজাতকৰ মৃতদেহ

মঙলদৈ, 6 মে’: জীৱশ্ৰেষ্ঠৰ নিকৃষ্ট কাণ্ডৰ ভয়ংকৰ পৰিণতি ৷ দৰং জিলাৰ মঙলদৈত কুকুৰে কামুৰি আনিলে নৱজাতকৰ অৰ্ধভক্ষণ কৰা মৃতদেহ (New born baby body recovered)৷ মঙলদৈ কেঞ্চাৰ কেয়াৰ চেণ্টাৰৰ সন্মুখত সংঘটিত হৈছে এই গাৰ নোম শিয়ৰি যোৱা ঘটনা ৷ 

লগে লগে কেঞ্চাৰ কেয়াৰখনৰ নিৰাপত্তাৰক্ষীয়ে পলিথিনৰ টোপোলাটো দেখি আৰক্ষীক খবৰ দিয়ে (New born baby body bitten by dog ) ৷ খবৰ লাভ কৰিয়েই মঙলদৈ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ শিশুটোৰ মৃতদেহহ অৰ্ধাংশ উদ্ধাৰ কৰি লৈ যায় ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷ নৱজাতকটোৰ মৃতদেহ ক’ৰ পৰা কেনেকৈ অনা হৈছিল সেই বিষয়ে এতিয়ালৈ কোনো তথ্য লাভ কৰা নাই আৰক্ষীয়ে (baby body bitten by dog at Mangaldoi) ৷  

উল্লেখ্য যে, ৰাজ্যত প্ৰায়েই মুখলজ্জাৰ ভয়ত অথবা অন্য কাৰণত একাংশ নৰাধমে এনে কাণ্ড সংঘটিত কৰি আহছে ৷ 

লগতে পঢ়ক: Encounter in Nagaon : নগাঁও আৰক্ষীৰ গুলীত ধৰাশায়ী ড্ৰাগছ মাফিয়া আবুল

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.