thumbnail

By

Published : May 31, 2023, 4:19 PM IST

ETV Bharat / Videos

Haj pilgrimage: হজ যাত্ৰীৰ ভ্ৰমণসূচী প্ৰকাশ উত্তৰ পূৱ হজ কমিটিৰ

গুৱাহাটী,৩১ মে': এইবাৰ হজ সমাপনৰ বাবে উত্তৰ পূবৰ পৰা মক্কালৈ যাব ৬,৩০২ জন হজযাত্ৰী । বুধবাৰে সংবাদমেলযোগে এই কথা সদৰি কৰে উত্তৰ পূৱ হজ কমিটিৰ অধ্যক্ষ অধিবক্তা নেকিবুৰ জামানে । চলিত বৰ্ষৰ হজযাত্ৰা অহা ৪ জুনৰ পৰা আৰম্ভ হ'ব আৰু ১৯ জুনলৈ চলি থাকিব (Nekibur Zaman press conference on Haj pilgrims) ।

৪ জুনত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰ পৰা দুখনকৈ বিমান যাব । এখন যাব দিল্লীলৈ আৰু আনখন যাব মুম্বাইলৈ । আনহাতে কিছু যাত্ৰীয়ে কলকতাৰ পৰা যাত্ৰা কৰিব । তাৰ পৰা পোনে পোনে যাত্ৰীসকলক চাৰ্টাৰ বিমানযোগে লৈ যোৱা হ'ব চৌদি আৰবৰ জেদ্দালৈ । তাৰ পৰা যাত্ৰী সকলে মক্কালৈ যাব (Nekibur Zaman press conference) ।  

গুৱাহাটীৰ পৰা প্ৰতিদিনে দুখনকৈ বিমানেৰে যাত্ৰী সকলক লৈ যোৱা হ'ব । গুৱাহাটীৰ পৰা যোৱা প্ৰতিগৰাকী হজ যাত্ৰীয়ে ৩৯৮৬২৩ টকা আৰু কলিকতাৰ পৰা যোৱা যাত্ৰীয়ে ৩৯২৬৮৩ টকা খৰচ বহন কৰিব লাগিব । হজ যাত্ৰীসকলে নিৰ্দ্ধাৰিত বিমান যাত্ৰাৰ দুদিন আগত হাজি মুছাফিৰ খানাত ৰিপৰ্ট কৰিব লাগিব আৰু নিৰ্দ্ধাৰিত যাত্ৰাৰ এদিন আগত হজ যাত্ৰী সকলক পাচপৰ্ট, ভিজা আদি প্ৰদান কৰা হ'ব ।  

হজ যাত্ৰী সকলক বিদায় দিয়াৰ বাবে ৩ জুনত হাজি মুছাফিৰ খানাত বিদায় সম্বৰ্দ্ধনা আনুষ্ঠান কৰা হ'ব (Farewell of Haj pilgrims on June 3) । গুৱাহাটীৰ ইছলামপুৰস্থিত হাজি মুছাফিৰ খানাত ২ জুনৰ পৰা আৰম্ভ হ'ব পঞ্জীয়নৰ ব্যৱস্থা । হাজি মুছাফিৰ খানাত থকা-খোৱাৰ ব্যৱস্থা কৰা হ'ব হজ যাত্ৰীসকলৰ বাবে । 

লগতে পঢ়ক: Govt schemes nameplate demolished: দুষ্কৃতিকাৰীয়ে এফালৰ পৰা ভাঙিছে চৰকাৰী আঁচনিৰ নামফলক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.