পৰম্পৰা নিয়ম অনুসৰি মাজুলী ঐতিহাসিক দক্ষিণপাট সত্ৰত নৱান্ন উৎসৱ পালন

By ETV Bharat Assamese Team

Published : Dec 11, 2023, 1:51 PM IST

thumbnail

মাজুলী, 11 ডিচেম্বৰ : এয়া আঘোণৰ মাহ ৷ সোণগুটি চপোৱাত ব্যস্ত অসমৰ কৃষক ৰাইজ ৷ মূৰ তুলিবলৈ আহৰি নাই দাৱনীৰ ৷ সমান্তৰালকৈ গাঁৱে গাঁৱে আৰম্ভ হৈছে ন-খোৱা পৰ্ব ৷ সোণগুটি চপাই আঘোণ মাহতে খোৱা হয় ন-অন্নমুঠি ৷ পুৰণি পৰম্পৰাগত নিয়ম অনুসৰি সোমবাৰে মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰতো নৱান্ন উৎসৱ পালন কৰা হৈছে ৷

উল্লেখ্য যে, দক্ষিণপাট সত্ৰৰ প্ৰতিষ্ঠা কালৰে পৰা আঘোণ মাহৰ কোনো এটা বিশেষ দিনত মহাপ্ৰভু যাদৱ ৰায়ৰ ওচৰত ন-মাহ, প্ৰসাদ আৰু ন-অন্ন লগোৱা নিয়ম প্ৰচলিত হৈ আহিছে ৷ তদুপৰিও পূৰ্ব পুৰুষক শ্ৰদ্ধা জনাই ন-চাউলেৰে শ্ৰাদ্ধ কৰি এক আধ্যাত্মিক পৰিৱেশত মহাপ্ৰভূক ন-চাউলেৰে ভোগ দিয়া হয় ৷ তেতিয়াৰ পৰাহে দক্ষিণপাট সত্ৰৰ সমীপৰ ৰাইজে ন-চাউলেৰে সিজোৱা ভাত খায় ৷ এই কথা জানিবলৈ দিছে দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰগৰাকীয়ে ৷

ইফালে নৱান্ন উৎসৱৰ লগত সংগতি ৰাখি গায়ন-বায়ন, নটুৱা নৃত্য আদি পৰিৱেশনেৰে এক আধ্যাত্মিক পৰৱেশৰ সৃষ্টি হৈছে মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰত ৷

লগতে পঢ়ক : আলু খেতিৰে চমক সৃষ্টি কৰাৰ প্ৰয়াস সত্ৰ নগৰীৰ কৃষকৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.