National Unity Day:বৰপেটাত ৰাষ্ট্ৰীয় একতা দিৱস পালন, আয়ুক্ত আয়ুষ গাৰ্গৰ অংশগ্ৰহণ

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 11:58 AM IST

thumbnail

বৰপেটা, ৩১ অক্টোবৰ : স্বাধীন ভাৰতৰ প্ৰথমগৰাকী গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মদিনৰ লগত সংগতি ৰাখি মঙলবাৰে বৰপেটাতো অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় একতা দিৱস । কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে উদযাপন কৰা চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তী উপলক্ষে বৰপেটাত ঐক্য আৰু দেশপ্ৰেমৰ উল্লেখযোগ্য প্ৰদৰ্শন দেখা যায়, যিয়ে জাতিটোক একত্ৰিত কৰাৰ ক্ষেত্ৰত লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ আদৰ্শৰ প্ৰতীক হিচাপে পৰিগণিত হয় ৷

বৰপেটা আৰক্ষী, জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীসকলৰ লগতে বৰপেটাৰ বিভিন্ন বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ লোকেও ভাগ লয় একতা দিৱসত ৷ বৰপেটা জিলা আৰক্ষীৰ উদ্যোগত আয়োজিত ৰাষ্ট্ৰীয় একতা দিৱসত উপস্থিত থাকে বৰপেটাৰ জিলা আয়ুক্ত আয়ুষ গাৰ্গ । বৰপেটা জিলা পৌৰসভাৰ খেলপথাৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় একতা দিৱসত আয়ুক্ত গৰাকীয়ে ভাষণ প্ৰসংগত চৰ্দাৰ বল্লভভাই পেটেলে স্বাধীন ভাৰতক আজিৰ শক্তিশালী ৰূপ দিয়াৰ কথা বাখ্যা কৰে । সেই অনুপ্ৰেৰণাত সমাজৰ প্ৰতিজন লোকক অখণ্ডতা ৰক্ষা কৰি ভাৰতক অধিক শক্তিশালী কৰি তোলাত ভূমিকা ল’বলৈ আয়ুক্তগৰাকীয়ে আহ্বান জনায় ।

আয়ুক্তগৰাকীয়ে কয় যে বিভিন্ন পটভূমিৰ অংশগ্ৰহণকাৰীসকলে একত্ৰিত হৈ ঐক্যৰ বাৰ্তাক উজ্জ্বল কৰি তুলিছিল । সৱল আৰু সংগঠিত ভাৰত গঢ় দিয়াৰ ক্ষেত্ৰত চৰ্দাৰ বল্লভভাই পেটেলে আগবঢ়োৱা মহৎ সেৱাৰে দেশবাসীক অনুপ্ৰাণিত কৰাৰ লক্ষ্যৰে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল । ইপিনে একতা দিৱসত অংশগ্ৰহণ কৰা সকলোকে ৰাষ্ট্ৰীয় একতা আৰু অখণ্ডতাৰ শপত বাক্য পাঠ কৰোৱাই অতিৰিক্ত আৰক্ষী অধীক্ষক মামনি হাজৰিকাই ৷ ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে বৰপেটা আৰক্ষী প্ৰশাসনৰ উদ্যোগত বৰপেটা চহৰৰ মাজেৰে এক ৰেলী উলিওৱা হয় ৷

লগতে পঢ়ক : National Unity Day: আজি দেশজুৰি পালন কৰা হ’ব নৱম সংখ্যক ৰাষ্ট্ৰীয় একতা দিৱস

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.