National Unity Day 2023 : হোজাই জিলা আয়ুক্তৰ কাৰ্যালয়ত পালন ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্যসূচী - ৰাষ্ট্ৰীয় একতা দিৱস
🎬 Watch Now: Feature Video


Published : Oct 31, 2023, 7:41 PM IST
হোজাই, ৩১ অক্টোবৰ : আজি চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মবাৰ্ষিকী ৷ প্ৰত্যেক বছৰে চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মবাৰ্ষিকীটো ভাৰতত ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰি অহা হৈছে । সেই উদ্দেশ্যে হোজাই জিলা আয়ুক্তৰ কাৰ্যালয়তো পালন কৰা হয় ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্যসূচী ।
ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত লৌহমানৱ খ্যাত চৰ্দাৰ বল্লভ ভাই পেটেলৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুস্পাঞ্জলি অৰ্পন কৰে জিলা আয়ুক্ত লাচিত কুমাৰ দাসে । ইয়াৰ পাচতে অতিৰিক্ত উপায়ুক্তসকল ক্ৰমে জয়শংকৰ শৰ্মা, জয়ন্ত বৰা, সোনাক্ষী ব্ৰহ্ম, নিৰ্বাচনী বিষয়া কৃষাণ জ্যোতি ডেকা, সহকাৰী আয়ুক্ত অচ্যুত নন্দন ভূঞাকে ধৰি আন ব্যক্তিসকলেও চৰ্দাৰ বল্লভ ভাইৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পন কৰে । এই অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত জয়ন্ত বৰাই অনুষ্ঠানত উপস্থিত সকলোকে শপতবাক্য পাঠ কৰোৱায় ৷
উল্লেখ্য যে, ১৮৭৫ চনৰ ৩১ অক্টোবৰত জন্মলাভ কৰা চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মজয়ন্তী ভাৰতত ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হয় । চৰ্দাৰ বল্লভভাই পেটেল আছিল ভাৰতৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী । তেওঁ সকলো ৰাজ্যক একত্ৰিত কৰি এখন দেশত পৰিণত কৰিছিল । সেয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনত ৩১ অক্টোবৰ দিনটোক ৰাষ্ট্ৰীয় একাত দিৱস হিচাপে ঘোষণা কৰিছিল আৰু 'একতাৰ বাবে দৌৰ' শীৰ্ষক মাৰাথন দৌৰৰ আয়োজন কৰিছিল ।
লগতে পঢ়ক : National Unity Day :মৰিগাঁও আৰক্ষীৰ উদ্যোগত ৰাষ্ট্ৰীয় একতা দিৱস পালন