thumbnail

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 8:51 PM IST

ETV Bharat / Videos

National Lok Adalat : হোজাইত ৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় লোক আদালত

হোজাই, 24 আগষ্ট : অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ নিৰ্দেশনা অনুসৰি হোজাইৰ শংকৰদেৱ নগৰত ছেপ্টেম্বৰ মাহত হোজাই জিলা আইনী সেৱা প্ৰাধিকৰণে ৰাষ্ট্ৰীয় লোক আদালত আয়োজন কৰিবলৈ সাজু হৈছে | ৯ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব লগা ৰাষ্ট্ৰীয় লোক আদালতৰ লক্ষ্য হৈছে ন্যায়িক আদালতৰ অধীনস্থ বিভিন্ন গোচৰৰ তৎকালীন সমাধানৰ সুবিধা প্ৰদান কৰা, য’ত অপৰাধমূলক, দেৱানী, পাৰিবাৰিক, মটৰ দুৰ্ঘটনাৰ দাবী, ন্যায়াধিকৰণ, চেক বাউন্স, আৰু ৰাজহৰ গোচৰ আদি অন্তৰ্ভুক্ত কৰা হৈছে ৷

গুৰুত্বপূৰ্ণভাৱে এই প্ৰস্তাৱসমূহ জৰিত পক্ষসমূহক এই সেৱা বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব বুলি এক সংবাদমেল যোগে হোজাই জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব মেৰিলিন হাজৰিকাই জানিবলৈ দিয়ে ৷ হোজাই জিলা আইন সেৱা প্ৰাধিকৰণে আগন্তুক ৰাষ্ট্ৰীয় লোক আদালতত সক্ৰিয় সহযোগিতা আৰু অংশগ্ৰহণৰ বাবে আহ্বান জনাইছে হোজাইৰ নাগৰিকসকললৈ ৷

লগতে পঢ়ক : MoU between NRL and IWAI: নুমলীগড় তেল শোধানাগাৰ আৰু ভাৰতৰ জলপথ কৰ্তৃপক্ষৰ লগত বুজাবুজি চুক্তি স্বাক্ষৰিত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.