Minister Pijush Hazarika in Nagaon : নগাঁৱত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মন্ত্ৰী পীযুষ হাজৰীকাৰ - নগাঁৱত পতাকা উত্তোলন মন্ত্ৰী পীযুষৰ
🎬 Watch Now: Feature Video
নগাঁও, 15 আগষ্ট: সমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱতো বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হৈছে স্বাধীনতা দিৱস ৷ নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত জিলা প্ৰশাসনে কেন্দ্ৰীয়ভাৱে আয়োজন কৰে ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ অনুষ্ঠান । স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে ৰাজ্য চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই ৷ পতাকা উত্তোলন কৰি ভাৰতৰ বীৰ শ্বহীদ সকলক শ্ৰদ্ধাৰে সুঁৱৰিলে মন্ত্ৰীগৰাকীয়ে । ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দিয়া ভাষণত মন্ত্ৰী পীযুষ হাজৰীকাই চৰকাৰী আঁচনিৰ সন্দৰ্ভত ব্যাখ্যা কৰে ।
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালতে অসমত হোৱা উন্নয়নৰ কথা উল্লেখ কৰাৰ লগতে মন্ত্ৰী পীযুষ হাজৰীকাৰ ভাষণত স্থান লাভ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ জয়গানে । অৰুণোদয় আঁচনিৰ পৰা যুৱক-যুৱতীক চৰকাৰী নিযুক্তি প্ৰদান কৰা প্ৰসংগ স্থান লাভ কৰে মন্ত্ৰী গৰাকীৰ ভাষণত । ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পিচতে আৰক্ষী, অৰ্ধ সামৰিক বাহিনী, গৃহৰক্ষী বাহিনী, NCC আৰু বহু কেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পৰিৱেশন কৰা কুচ-কাৱাজৰ অভিবাদন গ্ৰহণ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ৷
লগতে পঢ়ক:77th Independence day: মন্ত্ৰী পীযুষ হাজৰীকাৰ ভাষণ চলি থাকোতেই ঢলি পৰিল মহিলা আৰক্ষী জোৱান