Exchange office of Namrup : সলনি হ‘ল নামৰূপ নিয়োগ বিনিময় কেন্দ্ৰৰ ঠিকনা - সলনি হ‘ল নামৰূপ নিয়োগ বিনিময় কেন্দ্ৰৰ ঠিকনা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 4, 2023, 7:30 AM IST

ডিব্ৰুগড়, 4 এপ্ৰিল : ৰাজ্য চৰকাৰৰ মন্ত্ৰী বিধায়কসকলে উন্নয়ন আৰু ন ন পৰিকল্পনাৰ কথা প্ৰতিটো ভাষণতে আওৰায় থকাৰ বিপৰীতে চৰকাৰে চৰকাৰী কাৰ্যালয়ৰ ভাড়া আদায় দিবলৈ অপাৰগ হোৱাৰ কথা পোহৰলৈ আহিছে । সময়মতে ভাড়া আদায় নিদিয়াৰ বাবে নামৰূপৰ নিয়োগ বিনিময় কেন্দ্ৰটো পূৰ্বৰ স্থানৰ পৰা আঁতৰাই পথালে নামৰূপ সাৰ কাৰখানাৰ কৰ্তৃপক্ষই । ১৯৬৪ চনতে নামৰূপত স্থাপন হোৱা নিয়োগ বিনিময় কেন্দ্ৰটোৰ এতিয়াৰে পৰা সলনি হ’ল ঠিকনা (Namrup Employment Exchanges office) । 

নামৰূপ সাৰ কাৰখানাৰ আৱাসিক এলেকাত থকা এই কেন্দ্ৰটোৱে দীৰ্ঘদিন ধৰি সাৰ কাৰখানাৰ কৰ্তৃপক্ষক দিব লগা ভাড়াৰ ধনৰ প্ৰায় ৯ লাখ টকা আদায় দিব নোৱাৰাৰ বাবেই কৰ্তৃপক্ষৰ নিৰ্দেশৰ পিচত হস্তান্তৰ কৰিবলৈ বাধ্য হয় নিয়োগ বিনিময় কেন্দ্ৰটো ৷ ইফালে নিয়োগ কেন্দ্ৰটোৰ বিষয়াই জানিবলৈ দিয়া অনুসৰি ১৯৬৪ চনত সাৰ কাৰখানৰ কৰ্তৃপক্ষৰ সৈতে হোৱা চুক্তি পত্ৰখন চৰকাৰে বিচাৰি, দিবলগা ধন আদায়ৰ প্ৰতিশ্ৰুতি দিছিল যদিও সাৰ কাৰখানা কৰ্তৃপক্ষই সেই চুক্তিপত্ৰ প্ৰদান নকৰি বাৰম্বাৰ গৃহটো খালি কৰিবলৈ লিখিত নিৰ্দেশ প্ৰেৰণ কৰাৰ পৰিপ্ৰেক্ষিতত সোমবাৰে অৱশেষত কেন্দ্ৰটো হস্তান্তৰ কৰিবলৈ বাধ্য হয় (Namrup Employment Exchanges office address changed) । 

লগতে পঢ়ক : BTR govt criticized Hagrama Mohilary : হাগ্ৰামাৰ বিৰুদ্ধে অচিৰেই গোচৰ ৰুজু কৰিব বিটিআৰ পৰিষদীয় চৰকাৰে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.