MLA Tarang Gogoi: নামৰূপ সাৰকাৰখানা বন্ধ নহয়; স্পষ্টীকৰণ বিধায়ক তৰংগ গগৈৰ - বিধায়ক তৰংগ গগৈ
🎬 Watch Now: Feature Video
নাহৰকটীয়া, ২৩ জুলাই: নামৰূপ সাৰকাৰখানাৰ বন্ধৰ প্ৰসংগ চৰ্চাৰ পাচতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক তৰংগ গগৈয়ে ৷ নামৰূপ সাৰকাৰখানাৰ বন্ধৰ খবৰ উৰা বাতৰিৰ আখ্যা দি বিধায়কগৰাকীয়ে কয়, ‘‘নীতি আয়োগৰ এখন বৈঠকত চৰকাৰক এটা পৰামৰ্শ দিছিল ৷ য’ত নামৰূপ সাৰকাৰখানা বন্ধ কৰিব লাগে বুলি উল্লেখ আছিল ৷ সেই পৰামৰ্শৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে কোনো সিদ্ধান্ত লোৱা নাই ৷ ঘৰত বা দল সংগঠনে আমাক বিভিন্ন কামৰ বাবে পৰামৰ্শ দিয়ে, সেই বুলিয়ে আমিটো সকলো পৰামৰ্শ গ্ৰহণ কৰা নাই ৷ ঠিক সেই দৰে ভাৰত চৰকাৰলৈ নামৰূপ সাৰকাৰখানাত লোকচানৰ সন্মুখীন হৈ আছে আৰু বন্ধ কৰিব লাগে বুলি নীতি আয়োগে পৰামৰ্শ দিছিল ৷ কিন্তু নীতি আয়োগে পৰামৰ্শ দিলেও চৰকাৰে গ্ৰহণ কৰা নাই তেনে কোনো সিদ্ধান্ত ৷’’
আনহাতে দল সংগঠনে নামৰূপ সাৰকাৰখানাৰ বন্ধৰ প্ৰসংগত কৰা প্ৰতিবাদক সমোলোচনা কৰি গগৈয়ে আৰু কয়, ‘‘ দল সংগঠনে যে প্ৰতিবাদ কৰিছে তেওঁলোকে বন্ধ কৰিবলৈ কোৱা এখন কাগজ দেখুওৱাক ৷ সাংসদ গৌৰৱ গগৈয়ে সদনৰ মজিয়াত কৰা প্ৰশ্নৰ উত্তৰ হিচাপেহে নীতি আয়োগৰ পৰামৰ্শৱলী ওপৰত ভিত্তি কৰি প্ৰশ্নৰ উত্তৰ দিছিল মন্ত্ৰীয়ে ৷ বন্ধৰ নিৰ্দেশ দিয়া কোনো পত্ৰ অহা নাই ৷ বৰঞ্চ নামৰূপ সাৰকাৰখানাত অসম চৰকাৰে ২৬ শতাংশ বিনিয়োগ কৰি চতুৰ্থ গোটটো নিৰ্মাণ কৰিব ৷’’ এই বুলি জানিবলৈ দিয়ে বিধায়কগৰাকীয়ে । কোনো কাৰণতে নামৰূপ সাৰকাৰখানা বন্ধ নহয় বুলি স্পষ্ট কৰি দিয়ে ।
লগতে পঢ়ক:BVFCL Namrup: নামৰূপ সাৰ কাৰখানা বন্ধ হোৱাকলৈ নামৰূপৰ ৰাইজৰ প্ৰতিক্ৰিয়া