77th independence day : দিল্লীত ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ কাৰ্যসূচীত অংশ ল’ব ৰহম চেনী, অনামিকা ভূঞাই - 2022 বৰ্ষত শ্ৰেষ্ঠ শিপিনীৰ বঁটা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 14, 2023, 3:04 PM IST

নলবাৰী, 14 আগষ্ট : কাইলৈ সমগ্ৰ দেশবাসীয়ে উদযাপন কৰিব 77 সংখ্যক স্বাধীনতা দিৱস ৷ স্বাধীনতা দিৱসৰ প্ৰকক্ষণত অসম তথা নলবাৰীবাসীলৈ আহিছে এক সু-খবৰ ৷ কিয়নো দেশৰ 77 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে দিল্লীত ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ লাভ কৰিছে নলবাৰীৰ দুগৰাকী মহিলাই । তেওঁলোক হ’ল নলবাৰীৰ মুকালমুৱাৰ ৰহম চেনী আৰু বৰভাগৰ অনামিকা ভূঞা ৷

পেচাগতভাৱে ৰহম চেনী হৈছে এগৰাকী শিপিনী আৰু অনামিকা ভূঞা হৈছে এগৰাকী আদৰ্শবান খেতিয়ক ৷ দুয়োগৰাকী মহিলাই নিজ নিজ কৰ্মৰাজিৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা লাভ কৰিছে এই বিশেষ সন্মান ৷ উল্লেখযোগ্য যে, খাদী বিভাগৰ পৰা ৰহম চেনীয়ে 2022 বৰ্ষত শ্ৰেষ্ঠ শিপিনীৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল  ৷

লগতে পঢ়ক : 77th independence day : কোন মন্ত্ৰীয়ে, ক’ত তুলিব স্বাধীনতা দিৱসৰ পতাকা ?

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.