Nalbari Traffic Operation: নলবাৰীত যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ আৰক্ষী

By

Published : Aug 4, 2022, 3:39 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail
নলবাৰীত যান-বাহন আইন উলংঘাকাৰীৰ ওপৰত কঠোৰ হৈছে যান-বাহন শাখাৰ আৰক্ষী (Nalbari Traffic police crack down on traffic law violations) । যান-বাহন আইন মানি নচলা চালকৰ ওপৰত কঠোৰ হৈ পৰিছে নলবাৰীৰ যান-বাহন শাখাৰ আৰক্ষী বিষয়াসকল । যান-বাহন আইন উলংঘাকাৰীৰ পৰা জিলাখনৰ যান-বাহন আৰক্ষী শাখাই সংগ্ৰহ কৰিছে ৫ লাখতকৈ অধিক জৰিমনাৰ ধন (5 lakh fine collected by Nalbari Traffic Police)। যাৰ দ্বাৰা বিগত প্ৰায় ৯ বছৰৰ ৰেকৰ্ড ভংগ কৰে নলবাৰী জিলা আৰক্ষীৰ যান-বাহন শাখাই । ট্ৰেফিক আইন মানি নচলা যান-বাহন চালকৰ পৰা বিগত মাহত ৫ লাখতকৈ অধিক জৰিমনা সংগ্ৰহ কৰিছে নলবাৰী ট্ৰেফিক বিভাগে । আনহাতে, আজি পৰ্যন্ত নলবাৰী সদৰ থানাৰ সন্মুখত নলবাৰী যান-বাহন আৰক্ষীয়ে হেলমেট পৰিধান নকৰা বাইকচালক,নম্বৰ প্লেটবিহীন ই-ৰিক্সা তথা প্ৰৱেশ নিষিদ্ধ থকা পথত চলা দুই আৰু চাৰিচকীয়া বাহনক জৰিমনা বিহা হৈছে । আনহাতে, নলবাৰী ট্ৰেফিক বিভাগৰ ইনচাৰ্জ নিকুৰাজা চিত্ৰকৰে সংবাদ মাধ্যমৰ আগত নলবাৰীবাসী ৰাইজক হেলমেট পৰিধান কৰাৰ লগতে য'তে-ত'তে যান-বাহন ৰখাই যান-জঁটৰ সমস্যা সৃষ্টি নকৰি ট্ৰেফিক আইন মানি চলিবলৈ আহ্বান জনায় (Nalbari Police urged people to follow traffic laws) । যান-বাহন আইন মানি নচলা চালকৰ ওপৰত চলা আজিৰ এই অভিযানত নলবাৰী ট্ৰেফিক বিভাগৰ সহকাৰী উপ-পৰিদৰ্শক ভূপেন কলিতা, চৈয়দ মকছেদ আলী, উপ-পৰিদৰ্শক (ট্ৰেফিক) বিশাল কাশ্যপসহ নলবাৰী ট্ৰেফিক আৰক্ষীৰ এটি দল উপস্থিত থাকে ।
Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.