Raijor Dal: ৰাইজৰ দলৰ নেতা জ্ঞানেন চক্ৰৱৰ্তীৰ জামিন লাভ - ৰাইজৰ দল
🎬 Watch Now: Feature Video


Published : Nov 3, 2023, 4:47 PM IST
নলবাৰী, 3 নৱেম্বৰ: জামিন লাভ কৰিলে নলবাৰীৰ ৰাইজৰ দলৰ সভাপতি জ্ঞানেন চক্ৰৱৰ্তীয়ে ৷ শুকুৰবাৰে আদালতত হাজিৰ কৰোৱা হৈছিল নলবাৰী জিলাৰ ৰাইজৰ দলৰ সভাপতিগৰাকীক ৷ বৃহস্পতিবাৰে নিশা নলবাৰীৰ কমাৰকুছি আৰক্ষীয়ে নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছিল চক্ৰৱৰ্তীক ৷ 2007 চনত মানৱ অধিকাৰ সংগ্ৰাম সমিতি আৰু যুৱ ছাত্র পৰিষদৰ এক যৌথ প্ৰতিবাদত এক গোচৰ চলি আছিল আদালতত ।
আদালতে চক্ৰৱৰ্তীক চমন জাৰি কৰাৰ পিচত সভাপতি জ্ঞনেন চক্ৰৱৰ্তীয়ে আদালতক অৱমাননাৰ অভিযোগ উত্থাপিত হৈছিল । 756/2018 নম্বৰৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছিল নেতাগৰাকীক ৷ কিন্তু চক্ৰৱৰ্তীয়ে আদালতৰ পৰা কোনো চমন নোপোৱাৰ অভিযোগ উত্থাপন কৰে । তাৰে ভিত্তিতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জ্ঞানেন চক্ৰৱৰ্তীক । আদালতত হাজিৰ কৰোৱাৰ পিচতে জামিন মঞ্জুৰ কৰে জ্ঞানেন চক্ৰৱৰ্তীক ।
লগতে পঢ়ক: AAP Protest in Nalbari: আপক বিপদত পেলাবলৈ বিজেপিয়ে ষড়যন্ত্ৰ কৰাৰ অভিযোগ আপ কৰ্মীৰ