Indian Oil Petrol Pumps in Nalbari: পেট্ৰ’ল পাম্পত তেলৰ সলনি ভৰালে পানী - গ্ৰাহকৰ বাহনত তেলৰ বিপৰীতে ভৰালে পানী
🎬 Watch Now: Feature Video
হাজো-দৌলাশাল পথৰ নলবাৰীৰ আদাবাৰী কুৰিহাস্থিত ইণ্ডিয়ান অইলৰ পেট্ৰ’ল পাম্পত(Indian Oil Petrol Pumps in Nalbari) তেলৰ সলনি ওলাল পানী । ছমেচ আলী আৰু চহিদুল নামৰ গ্ৰাহক দুজনে তেওঁলোকৰ দুচকীয়া বাহনত পেট্ৰ’ল ভৰাবলৈ আহিছিল কুৰিহাৰ পেট্ৰ’ল পাম্পলৈ । গ্ৰাহকজনে তেওঁৰ বাহনখনত ৫১০ টকাৰ পেট্ৰ’ল ভৰাবলৈ দিয়ে কৰ্মচাৰীক । পেট্ৰল পাম্পটোত গ্ৰাহকজনে পেট্ৰ’ল ভৰাই ঘৰলৈ যায় যদিও ১০০ মিটাৰ দূৰত গ্ৰাহকজনৰ গাড়ীখন বন্ধ হোৱাত হতভম্ব হয় । পিছত লোকজনে বাইকখন মেকানিকৰ তাত লৈ যোৱাৰ পিছতে তেলৰ টেংকিটো খুলি পেট্ৰ’লৰ সলনি পানী দেখা পায় হাহাকাৰ লাগে । ইয়াকে লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় তেল ডিপোত ৷ তেল ডিপোৰ কৰ্মচাৰীৰ লগত তৰ্কাতৰ্কিত লিপ্ত হয় গ্ৰাহকজন ।
Last Updated : Feb 3, 2023, 8:37 PM IST