নগাঁও আৰক্ষী অধীক্ষকৰ নামত ধনদাবী কৰি গ্ৰেপ্তাৰ দুই দালাল - Nagaon sp
🎬 Watch Now: Feature Video


Published : Dec 27, 2023, 7:41 PM IST
নগাঁও, 27 ডিচেম্বৰ : আৰক্ষী অধীক্ষকো সাৰি নগ’ল দালালৰ পৰা ৷ নগাঁৱৰ আৰক্ষী অধীক্ষকৰ নামত ধনদাবী কৰি ৰঙাঘৰৰ আলহী হ’ল দুই দালাল । ধৃত দুই অভিযুক্ত দালাল ক্ৰমে তুলাৰাম শৰ্মা আৰু ৰফিকুল শ্বেখ ৷
উল্লেখ্য যে তিনিচুকীয়াৰ এগৰাকী কাঠ ব্যৱসায়ীৰ পৰা এই দুই অভিযুক্তই দাবী কৰিছিল পাঁচ লাখ টকা । ধন দাবী কৰাৰ পাছতেই তুলাৰাম আৰু ৰফিকুলক নগাঁও আৰক্ষীয়ে জখলাবন্ধাৰ গৰুবন্ধাৰ পৰা গ্ৰেপ্তাৰ কৰে ।
ইতিমধ্যে দুয়ো অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি ১২০(B),১৮৭ আৰু ৩৯৯ ধাৰাৰ অধীনত ১২৫০/২৩ নম্বৰৰ এক গোচৰ ৰুজু কৰি বুধবাৰে জে’ল হাজোতলৈ প্ৰেৰণ কৰে ৷ অভিযোগ অনুসৰি আৰক্ষী অধীক্ষকৰ নাম লৈ কাঠৰ ছিণ্ডিকেট গঢ়ি তোলাৰ চেষ্টা কৰিছিল আৰক্ষীৰ জালত পৰা দুই অভিযুক্ত তুলাৰাম শৰ্মা আৰু ৰফিকুল শ্বেখে ।
লগতে পঢ়ক: কলিয়াবৰত নৈশবাছৰ পৰা ড্ৰাগছ জব্দ