Published : Sep 18, 2023, 1:56 PM IST
Nagaon Inter Club Karate Championship: নগাঁও জিলা আন্তঃক্লাব কাৰাটে চেম্পিয়শ্বিপত কলিয়াবৰৰ সাফল্য়
কলিয়াবৰ, ১৮ ছেপ্টেম্বৰ: নগাঁৱত যোৱা ১৬ ছেপ্টেম্বৰত সামৰণি পৰা তৃতীয় নগাঁও জিলা আন্তঃক্লাব কাৰাটে চেম্পিয়শ্বিপত কলিয়াবৰৰ কাৰাটেকাৰে বিশেষ সফলতা অৰ্জন কৰিছে । কলিয়াবৰৰ ব্ৰাডাৰ্ছ ফাইট ক্লাবে এই চেম্পিয়নশ্বিপত অংশ লৈ সফলতা লাভ কৰাত স্থানীয় ৰাইজ উৎফুল্লিত হৈছে । প্ৰশিক্ষক ত্ৰিশূল ভূঞাৰ নেতৃত্বত কলিয়াবৰৰ ব্ৰাডাৰ্ছ ক্লাবৰ ৩৩ গৰাকী কাৰাটেকাৰে অংশগ্ৰহণ কৰি সৰ্বমুঠ ২৩ টা পদক লাভ কৰিবলৈ সক্ষম হয় ।
কলিয়াবৰৰ ব্ৰাডাৰ্ছ ফাইট ক্লাবে নগাঁও জিলা আন্তঃক্লাব কাৰাটে চেম্পিয়শ্বিপত ৪টা সোণ, ১১টা ৰূপ আৰু ৮টা ব্ৰঞ্জৰ পদক লাভ কৰে । ইয়াৰে সোণৰ পদক লাভ কৰিছে শুভজিৎ বসুমতাৰী, অভিজিৎ গুপ্তা, ৰিয়ান বৰদলৈ আৰু ৰুহানী আখতাৰ । উল্লেখযোগ্য যে,অহা নৱেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক কাৰাটে চেম্পিয়শ্বিপলৈ সোণৰ আৰু ৰূপৰ পদক লাভ কৰা ১৫ গৰাকী কাৰাটেকা নিৰ্বাচিত হৈছে ।
লগতে পঢ়ক:Football tournament: বঙাইগাঁৱত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা