Nagaon District Congress news: প্ৰশান্ত কুমাৰ শইকীয়াক নগাঁও জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 2:21 PM IST

thumbnail

নগাঁও, 13 নৱেম্বৰ: সোমবাৰে অসম প্ৰদেশ কংগ্ৰেছে বৰ্তমান জিলা উপ-সভাপতি প্ৰশান্ত কুমাৰ শইকীয়াক ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব অৰ্পণ কৰে  । নগাঁও জিলা কংগ্ৰেছৰ সভাপতি পদৰ পৰা সুৰেশ বৰাই পদত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পিচত সোমবাৰে প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এই সিদ্ধান্ত কাৰ্যকৰী কৰে । সোমবাৰে নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ত ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে প্ৰশান্ত কুমাৰ শইকীয়াই । 

দায়িত্ব গ্ৰহণ কৰিয়েই সংবাদ মাধ্যমৰ সন্মুখত ভাৰপ্ৰাপ্ত সভাপতি প্ৰশান্ত কুমাৰ শইকীয়াই আগবঢ়ায় কেইবাটাও গুৰুত্বপূৰ্ণ দলীয় মন্তব্য ৷ নগাঁও জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি সুৰেশ বৰাৰ নেতৃত্বত সন্তুষ্ট আছিল নগাঁও জিলা কংগ্ৰেছ বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে শইকীয়াই । তদুপৰি, নগাঁও জিলা কংগ্ৰেছত কোনো লবী নাই বুলি স্পষ্টীকৰণ দিয়ে । 

"কংগ্ৰেছ মহাসাগৰ । মানুহ গৈয়েই থাকিব, আহি থাকিব" বুলি উল্লেখ কৰি আগন্তক সময়ত দলটোক অধিক শক্তিশালী কৰাৰ বাবে যথোচিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰে ভাৰপ্ৰাপ্ত সভাপতি প্ৰশান্ত কুমাৰ শইকীয়াই । 

লগতে পঢ়ক: Dispur MLA Hostel Bullet Spot update: বিধায়ক আৱাসৰ ৰহস্যজনক ঘটনা সন্দৰ্ভত ফৰেনচিক দলে কৰিব তদন্ত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.