সমষ্টি এটাত সাংসদ অথবা বিধায়ক থাকিলেও আন নেতাই প্ৰাৰ্থিত্ব বিচাৰিব পাৰে: প্ৰশান্ত কুমাৰ শইকীয়া - নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব
🎬 Watch Now: Feature Video


Published : Dec 21, 2023, 2:24 PM IST
নগাঁও, 21 ডিচেম্বৰ : নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ কংগ্ৰেছৰ ভিতৰচ’ৰাত কন্দলৰ সৃষ্টি হোৱা বুলি সৰ্বত্ৰে চর্চা লাভ কৰাৰ সময়ত এই সন্দৰ্ভত এইবাৰ মুখ খুলিছে নগাঁও জিলা কংগ্ৰেছে । বৃহস্পতিবাৰে নগাঁও জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি প্ৰশান্ত কুমাৰ শইকীয়াই সংবাদ মাধ্যমৰ সন্মুখত নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ কেতবোৰ মন্তব্য কৰে ।
তেওঁ কয়, ‘‘সমষ্টি এটাত সাংসদ অথবা বিধায়ক থাকিলেও আন নেতাই প্ৰাৰ্থিত্ব বিচাৰিব পাৰে । একেদৰে নগাঁও লোকসভা সমষ্টিৰ পৰাও প্ৰদ্যুৎ বৰদলৈৰ উপৰিও ৰকিবুল হুছেইন অথবা গৌৰৱ গগৈয়েও প্ৰাৰ্থিত্ব বিচাৰিব পাৰে । কিন্তু এইক্ষেত্ৰত প্ৰাৰ্থীসকলৰ মাজতেই আলোচনামৰ্মে বিষয়টো সমাধানৰ পোষকতা কৰা হৈছে’’ ৷
অৱশ্যে এইক্ষেত্ৰত দলৰ হাইকামাণ্ডে যি সিদ্ধান্ত গ্ৰহণ কৰিব সেয়া সকলোৱে মানি ল’ব বুলি উল্লেখ কৰে জিলা সভাপতিগৰাকীয়ে ।
লগতে পঢ়ক : শিৱসাগৰত আইন-শৃংখলা ভংগৰ শংকা; বহু সংগঠনৰ নেতাক বণ্ড চাইন