অসমৰ ভূমিতে সাত জাঁই গুলীৰে কুকুৰক হত্যা কৰি থৈ গ’ল নগা দুৰ্বৃত্তই - অসমীয়া গাঁওবাসীক হাৰাশাস্তি
🎬 Watch Now: Feature Video


Published : Dec 22, 2023, 6:56 AM IST
তিতাবৰ, 22 ডিচেম্বৰ : অসম-নাগালেণ্ড সীমান্তত পুনৰ উত্তেজনা । বৃহস্পতিবাৰে বিয়লি নগা পাহাৰৰ পৰা একাংশ নগা দুবৃত্তই অসমৰ ভূমিত মাৰণাস্ত্ৰসহ প্ৰৱেশ কৰি নিৰীহ অসমীয়া গাঁওবাসীক হাৰাশাস্তি কৰি সন্ত্ৰাস চলায় ৷ নগা দুবৃৰ্ত্তৰ দলটোৱে বেকাজানৰ 62 ঘৰীয়া গাঁৱত প্ৰৱেশ কৰি মণ্টুচ কোঁৱৰ নামৰ লোকজনৰ পোহনীয়া কুকুৰটোলৈ লক্ষ্য কৰি সাত জাঁই গুলী নিক্ষেপ কৰি অতি নৃশংসভাৱে হত্যা কৰি থৈ যায় ।
ইয়াৰ পিচতে নগা দৃবৃৰ্ত্তই অসমৰ ভূমিত সংঘটিত কৰা এই ঘটনাই সীমান্তত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে। বিগত সময়ছোৱাত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হোৱা নাছিল তিতাবৰৰ অসম-নাগালেণ্ড সীমান্তত । কিন্তু হঠাতে একাংশ নগা দুৰ্বৃত্তই সীমান্তত অসমীয়া আৰু নগা লোকসকলৰ মাজত পুনৰ সংৰ্ঘষ সৃষ্টি কৰি শান্তি বিঘ্নিত কৰিব বিচাৰিছে বুলি কঠোৰ শাস্তি দাবী কৰিছে সীমান্তবাসী অসমীয়া লোকে ৷
লগতে পঢ়ক : ঘাইপথত গৰু-ছাগলী উঠিলে গৰাকীয়ে ভৰিব লাগিব জৰিমনা