Suspected Murder at Kaliabor : যুৱকৰ অস্বাভাৱিক মৃত্যুক লৈ জখলাবন্ধাত চাঞ্চল্য

By

Published : Mar 27, 2023, 8:06 PM IST

thumbnail

কলিয়াবৰ, 27 মাৰ্চ :  কলিয়াবৰৰ জখলাবন্ধা আৰক্ষী নিৱেশৰ অন্তৰ্গত বাঘজানত যুৱকৰ ৰহস‍্যজনক মৃত‍্যু । কৰ্মসূত্ৰে চেন্নাইত থকা অৰুণ দাস নামৰ যুৱকজন ৰে'লেৰে দেওবাৰে জখলাবন্ধাস্থিত ঘৰলৈ আহিছিল বন্ধুৰ সৈতে । ইয়াৰ পিছতে নিশা পত্নীক ভাত ৰান্ধিবলৈ কৈ বন্ধু এজনৰ ঘৰলৈ ওলায় যায় অৰুণ দাস ৷ তাৰ পিছতে অৰুণ দাসৰ পৰিয়ালক অৰুণ দাস মৃত হোৱা বুলি খবৰ দিয়ে বন্ধুজনৰ পৰিয়ালে (Youth Suspected death at Kaliabor)। 

ইয়াৰ পিছতে ততাতৈয়াকৈ অৰুণ দাসৰ পৰিয়ালে বন্ধুজনৰ গৃহত উপস্থিত হৈ মৃতদেহটো প্ৰত্যক্ষ কৰি মৃতদেহটোৰ ডিঙিত আঘাতৰ চিন প্ৰত্যক্ষ কৰে । লগে লগে ঘটনাৰ তদন্ত দাবী কৰি জখলাবন্ধা আৰক্ষীৰ কাষ চাপে পৰিয়ালৰ লোক । ঘটনাস্থলীত দণ্ডাধীশৰ লগতে আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে (Suspected Murder at Kaliabor)। 

লগতে পঢ়ক : Rahul Gandhi disqualification issue: বৰ্তমানৰ ন্যায়পালিকা ব্যৱস্থাও কিছু সন্দেহৰ আৱৰ্তত : ড৹ হীৰেন গোহাঁই

ইতিমধ্যে জখলাবন্ধা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত । মৰণোত্তৰ পৰীক্ষাৰ পিছতে সমগ্ৰ ঘটনাৰ ৰহস্য ফাদিল হ’ব বুলি আশা কৰা হৈছে (Jakhalabandha police station) ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.