thumbnail

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 3:16 PM IST

ETV Bharat / Videos

Dead body recovered: পুখুৰীত উদ্ধাৰ মহিলাৰ মৃতদেহ; ৰহস্যজনকভাৱে সন্ধানহীন 7 বছৰীয়া পুত্ৰ

কলিয়াবৰ, 3 ছেপ্টেম্বৰ: কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা ৷ পুখুৰীত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ মৃতদেহ ৷ মহিলাগৰাকীৰ পুত্ৰৰো নাই কোনো সন্ধান ৷ 
কলিয়াবৰৰ 1 নং বৰঘূলীত সংঘটিত হৈছে এই ঘটনা ৷ দেওবাৰে পুৱাই ঘৰৰ সমীপৰে এটা পুখুৰীত উদ্ধাৰ কৰা হৈছে ৰাছইদা বেগম (28) নামৰ মহিলাগৰাকীৰ মৃতদেহ ৷

ইফালে এতিয়ালৈ মহিলাগৰাকীৰ 7 বছৰীয়া পুত্ৰ সন্তানটোও নিৰুদ্দেশ হৈ আছে । লগে লগে পুৱাই স্থানীয় লোকে মহিলগৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰি স্থানীয় আৰক্ষীক অৱগত কৰে ৷ খবৰ লাভ কৰি স্থানীয় আৰক্ষীৰ লগতে এছ ডি আৰ এফৰ দল ঘটনাস্থলীত উপস্থিত হয় ৷  ইতিমধ্যে SDRF বাহিনীৰ দলে 7 বছৰীয়া নিখোজ পুত্ৰক বিচাৰি অভিযান আৰম্ভ কৰিছে। 

উল্লেখযোগ্য যে মাতৃ-পুত্ৰই একেলগে পুখুৰীত পৰাৰ কথা সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷ 

লগতে পঢ়ক: Murder in Nalbari: ঘগ্ৰাপাৰত পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.