Municipal employees protest across Assam: শিৱসাগৰতো প্ৰতিবাদত নামিল পৌৰ কৰ্মীসকল - ৰাজ্যজুৰি পৌৰসভাৰ কৰ্মচাৰীসকলৰ প্ৰতিবাদ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 19, 2022, 5:16 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

আজি ৰাজ্যজুৰি বিভিন্ন দাবীৰে পৌৰসভাৰ কৰ্মচাৰীসকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ঐতিহাসিক শিৱসাগৰ জিলাতো কৰ্মচাৰীসকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷ হাতে হাতে বেনাৰ, প্লে কাৰ্ড লৈ বিভিন্ন ধ্বনিৰে উত্তাল কৰি তোলে শিৱসাগৰ পৌৰসভাৰ কাৰ্যালয় চৌহদ (Sivasagar Municipal Office) ৷ ৪০ গৰাকীৰো অধিক অৱসৰপ্ৰাপ্ত কৰ্মচাৰী অনাদায় দৰমহা আদায়, বিগত ৩৭ মাহ পৰ্য্যন্ত অনাদায় দৰমহা অতি শীঘ্ৰে আদায় দিয়া, পৌৰসভাৰ অন্তৰ্গত অস্থায়ী কৰ্মচাৰীসকলৰ চাকৰি অতিশীঘ্ৰে চৰকাৰীকৰণ কৰা, অৱসৰপ্ৰাপ্ত পৌৰ কৰ্মচাৰীৰ অনাদায় দৰমহা, গ্ৰেচুইটি, লিভ চেলাৰী আৰু অন্যান্য সা-সুবিধা প্ৰদান কৰাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷
Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.