হিমন্ত বিশ্ব শৰ্মাই বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ জনসাধাৰণক জোলোকা-জোলোকে পানী খুৱাইছে; সুস্মিতা দেব - Sushmita Dev Press Meet
🎬 Watch Now: Feature Video
কৰিমঞ্জ, 25 জুন: নিৰ্বাচনী আয়োগে প্ৰকাশ কৰা ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ উদ্বেগ প্ৰকাশ তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেবৰ ৷ দেওবাৰে এক সংবাদমেল সম্বোধন কৰি এই খচৰাৰ তীব্ৰ বিৰোধিতা কৰে সাংসদগৰাকীয়ে ৷ নিৰ্বাচন আয়োগৰ এই খচৰাক সমালোচনা কৰি কি স্বাৰ্থত বৰাকৰ দুটাকৈ সমষ্টি বিলুপ্ত কৰা হৈছে বুলি প্ৰশ্ন কৰে সাংসদগৰাকীয়ে ৷
তেওঁ আৰু কয় যে, সমষ্টিৰ সীমা নিৰ্ধাৰণৰ ক্ষেত্ৰত ন্যায়িক অধিকাৰ ক্ষেত্ৰৰ ভৌগোলিক অৱস্থানক কোনো ধৰণে সন্মান কৰা হোৱা নাই ৷ যাৰ বাবে ভৱিষ্যতে প্ৰস্তাৱিত অঞ্চলটোৰ জনসাধাৰণ যথেষ্ট কষ্টৰ সন্মুখীন হ’ব ৷ বৰাকৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি সমষ্টি বিলোপৰ বিৰোধিতা কৰা বুলি মন্তব্য কৰি তেওঁ কয় যে, বৰাকৰ স্বাৰ্থত কথা কোৱা সকলো ব্যক্তি-গোষ্ঠী-সংগঠনক তৃণমূল কংগ্ৰেছে সদায় সমৰ্থন কৰিব ৷
আনহাতে এন আৰ চিৰ সময়ত যেতিয়া মানুহে আত্মহত্যাৰ পথ বাছি লৈছিল তেতিয়া বিজেপি চৰকাৰ ক'ত আছিল বুলিও প্ৰশ্ন কৰে সাংসদ সুস্মিতা দেবে ৷ বিজেপি চৰকাৰে দিনত এটা কথা আৰু ৰাতি আন এটা কথা কয় ৷ লগতে তেওঁ মন্তব্য কৰে যে হিমন্ত বিশ্ব শৰ্মাই বৰাক আৰু ব্ৰহ্মপুত্ৰৰ জনসাধাৰণক জোলোকা-জোলোকে পানী খুৱাইছে ৷ দেওবাৰে অনুষ্ঠিত হোৱা এই সংবাদমেলত সাংসদ গৰাকীৰ সৈতে তৃণমূল কংগ্ৰেছৰ নেতা নন্দন দাস, ৰাজেশ দেৱ, সজল বাণিক উপস্থিত থাকে ৷