thumbnail

By

Published : Jun 18, 2023, 11:13 PM IST

ETV Bharat / Videos

Lok Sabha Election 2024: বিজেপিক পৰাভূত কৰিবলৈ বাঘে ছাগে একেলগ হৈছে; ৰামেশ্বৰ তেলী

ডিব্ৰুগড়, 18 জুন : "আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি প্ৰাৰ্থীক পৰাভূত কৰিবলৈ ডিব্ৰুগড় লোকসভা সমষ্টিত বাঘ-ছাগলী সকলো একত্ৰিত হৈছে। বিৰোধীয়ে যিমান যত্ন কৰিলেও ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থীৰে জয় নিশ্চিত"। এই মন্তব্য প্ৰকাশ কৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলীয়ে ৷  

টিংখাঙৰ এখন বিশাল জনসভাত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আগন্তুক ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিৰোধীৰ সাম্ভাৱ্য উমৈহতীয়া প্ৰাৰ্থী লুৰীণজ্যোতি গগৈ সন্দৰ্ভতো মন্তব্য আগবঢ়ায় । জাতিয়তাবাদী শিবিৰৰ পৰা আহি লুৰীণজ্যোতি গগৈয়ে এতিয়া কংগ্ৰেছ, এ আই ইউ ডি এফৰ দৰে ৰাষ্ট্ৰীয় দলৰ লগ লাগিছে বুলি ককৰ্থনা কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ৷  

উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ ৯ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে মহা জনসম্পৰ্ক অভিযান ভাৰতীয় জনতা পাৰ্টী টিংখাং আৰু লেঙেৰী মণ্ডল সমিতিৰ উদ্যোগত টিংখাঙৰ ভদ্ৰেশ্বৰ গগৈ সোঁৱৰণী প্ৰেক্ষাগৃহত দেওবাৰে অনুষ্ঠিত হয় এখন হিতাধিকাৰী সন্মিলন । কেইবাহাজাৰ হিতাধিকাৰী তথা দলীয় কৰ্মকৰ্তা উপস্থিত থকা সন্মিলনখনত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, বিজেপি ডিব্ৰুগড় জিলা সভাপতি জগদীশ ৰাজকোঁৱৰৰ লগতে বহু কেইজন দলীয় নেতা কৰ্মী উপস্থিত থাকে ।

লগতে পঢ়ক: MLA Atul Bora on NHPC : NHPC ক কঠোৰ সকীয়নী দিছপুৰৰ বিধায়ক অতুল বৰাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.