ড৹ হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰুতলিপি মতেই বিভিন্ন মন্তব্য কৰে আজমলে : প্ৰদ্যুৎ বৰদলৈ - প্ৰদ্যুৎ বৰদলৈ
🎬 Watch Now: Feature Video
Published : Nov 25, 2023, 3:33 PM IST
|Updated : Nov 25, 2023, 4:45 PM IST
নগাঁও, 25 নৱেম্বৰ : এইবাৰ এ আই ইউ ডি এফৰ বিৰুদ্ধে সৰৱ হৈ পৰিল নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ । এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলৰ লগতে এ আই ইউ ডি এফ দলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলৰ শ্ৰুতলিপি মতেই বিভিন্ন মন্তব্য কৰি আহিছে বুলি মন্তব্য কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ।
এ আই ইউ ডি এফৰ সৈতে বিগত লোকসভা নিৰ্বাচনত মুকলিকৈয়েই বুজাবুজি হৈছিল বুলিও সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে মন্তব্য কৰে । এইবাৰ এ আই ইউ ডি এফৰ সৈতে কংগ্ৰেছৰ কোনো সম্পৰ্ক নাই বুলি মন্তব্য কৰি তেওঁ কয় যে বিজেপি আৰু এ আই ইউ ডি এফে সাম্প্ৰদায়িক মন্তব্যৰে বিভাজনৰ ৰাজনীতি কৰি মুনাফা আদায়ৰ চেষ্টা কৰিছে ৷
ইয়াৰোপৰি সাংসদ বৰদলৈয়ে কয় যে এ আই ইউ ডি এফ আৰু বিজেপিৰ নেতৃত্বই ৰাতিৰ আন্ধাৰত বুজাবুজি কৰি কোনে কি মন্তব্য কৰিব সেয়া আলোচনা কৰে । ইপিনে কংগ্ৰেছ দলত কোনো বিভাজন নাই বুলিও উল্লেখ কৰে সাংসদগৰাকীয়ে । তেওঁ কয় যে দলীয় সংঘাত থাকিলে সেয়া নিৰ্মূলৰ দায়িত্ব দলৰ নেতৃত্বৰ ।
লগতে পঢ়ক : সমষ্টি ৰক্ষাৰ উদ্দেশ্যৰে দুই প্ৰতাপী বিজেপি সাংসদৰ সৈতে ন অঞ্চললৈ বিধায়ক মানৱ ডেকা