thumbnail

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 7:44 PM IST

ETV Bharat / Videos

MP Pallavlochan Das slams Congress: জাতিগত পিয়লৰ কথা কৈ কংগ্ৰেছে অ' বি চি ভোটৰ অংক কৰিছে: পল্লৱলোচন দাস

নলবাৰী, ১০ অক্টোবৰ : কংগ্ৰেছৰ জাতিগত পিয়ল এক ৰাজনৈতিক কথা বুলি মন্তব্য় কৰিছে সাংসদ পল্লৱলোচন দাসে । নলবাৰী বিজেপি কাৰ্য্যালয়ত দলীয় কৰ্মীৰে অন্তৰংগ আলাপত তেওঁ এইদৰে মন্তব্য় কৰি কয় যে জাতিগত পিয়লৰ কথা কৈ কংগ্ৰেছে অ' বি চি ভোটৰ অংক কৰিছে ।

নলবাৰী বিজেপি কাৰ্যালয়ত দলীয় কৰ্মীৰে অন্তৰংগ আলাপত অংশগ্ৰহণ কৰি সাংসদ পল্লৱলোচন দাসে কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰে । তেওঁ কয় যে কংগ্ৰেছৰ দিনত গণতন্ত্ৰ নাছিল । কংগ্ৰেছৰ দিনত দেখা সন্ত্ৰাসবাদৰ পৰিৱেশ, আন্দোলনৰ পৰিৱেশ অসমৰ ৰাইজে পাহৰি যোৱা নাই । ইফালে,কংগ্ৰেছে গ্ৰহণ কৰা 'বাগানে বাগানে' শীৰ্ষক কাৰ্যসূচীকো তীব্ৰ কটাক্ষ কৰে সাংসদ পল্লৱলোচন দাসে ।

তেওঁ কয় যে কংগ্ৰেছৰ বাগানে বাগানে কাৰ্যসূচী ফ্লপ শ্ব'। কংগ্ৰেছে সুযোগ পাইয়ো প্লেনটেশ্বন লেবাৰ এক্টৰ দোহাই দি চাহ বাগিচাৰ শ্ৰমিকৰ বাবে একো নকৰিলে । বাগিচাৰ মালিকৰ ওপৰত সমস্ত দায়িত্ব দিছিল । এতিয়াহে বাগিচাৰ ৰাইজে বিজেপিৰ দিনত চৰকাৰ এখন থকাৰ উমান লাভ কৰিছে । সাংসদ গৰাকীয়ে লোকসভা নিৰ্বাচনত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত পুনৰ চৰকাৰ গঠন হ'ব বুলি মন্তব্য কৰি আসনো বৃদ্ধি পাব বুলি দাবী কৰে ।

লগতে পঢ়ক:Antyodaya Anna Yojana : জীৱিত হিতাধিকাৰীক মৃত দেখুৱাই বঞ্চিত কৰা হ’ল অন্ত্যোদয়া অন্ন যোজনাৰ পৰা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.