thumbnail

By

Published : Jul 9, 2022, 3:19 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

ETV Bharat / Videos

বিজেপিৰ বিষয়ববীয়া সভাত উপস্থিত সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা

ডিব্ৰুগড়ৰ হোটেল গাৰ্ডেন ট্ৰীতত অনুষ্ঠিত হৈছে অসম প্ৰদেশ বিজেপিৰ বিষয়ববীয়া সভা (Official meeting of BJP at Dibrugarh)। ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ এই সাংগঠনিক সভাখন অনুষ্ঠিত হৈছে । এই সভাত অংশগ্ৰহণৰ উদ্দেশ্যে ডিব্ৰুগড়ত উপস্থিত হয় ৰাজ্যসভাৰ সংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটা (MP Pabitra Margherita at BJP official meeting)। সভাত উপস্থিত হৈ বিজেপিৰ সাংসদগৰাকীয়ে কয় যে দলৰ সাংগঠনিক ভেটি কেনেদৰে শক্তিশালী কৰিব লাগিব আৰু ৰাইজক সেৱা কৰাৰ উদ্দেশ্যেই এই গুৰুত্বপূৰ্ণ সভাখন আয়োজন কৰা হৈছে । সাংসদগৰাকীয়ে লগতে কয় যে ভাৰতীয় জনতা পাৰ্টিৰ মূল লক্ষ্য হৈছে সেৱা আৰু সংগঠন । আগন্তুক ২০২৪ চনৰ লোকসভা নিৰ্বাচন আৰু পঞ্চায়তৰ নিৰ্বাচন সম্পৰ্কেও এই সভাত আলোচনা কৰা হ'ব । আনহাতে ৰাইজৰ সেৱাৰ বাবে কেনেকৈ বিজেপি দলৰ নেতা-কৰ্মীসকলে আগন্তুক দিনত কাম কৰিব সেই বিষয়সমূহো আলোচনা কৰা হ'ব বুলি পবিত্ৰ মাৰ্ঘেৰিটাই উল্লেখ কৰে ।
Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.