নিজৰ জাতিগত প্ৰমাণপত্ৰৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া নৱ কুমাৰ শৰণীয়াৰ

🎬 Watch Now: Feature Video

thumbnail

বাক্সা, ১৮ জানুৱাৰী: সাংসদ নৱ কুমাৰ শৰণীয়াৰ জাতিগত প্ৰমাণপত্ৰ ভুৱা হিচাবে গণ্য কৰাৰ পিচত সাংসদগৰাকীৰ পদ খাৰিজ হোৱাৰ সম্ভাৱনাই দেখা দিছে ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদগৰাকীয়ে ৷ তেওঁ কয় যে এয়া ৰাজনৈতিক ষড়যন্ত্ৰৰ বাদে একো নহয় ৷

শৰণীয়া-কছাৰীসকলৰ জাতিগত প্ৰমাণপত্ৰৰ সন্দৰ্ভত থকা খেলিমেলি দূৰ কৰাৰ বাবে সাংসদগৰাকীয়ে বিগত সময়ত পৰীক্ষণ সমিতিক আহ্বান জনাই অহা বুলি মন্তব্য কৰিছে ৷ নৱ কুমাৰ শৰণীয়াৰ জাতিগত প্ৰমাণপত্ৰ ভুৱা বুলি সমিতিখনে জনোৱাৰ সন্দৰ্ভত সাংসদগৰাকীয়ে কয় যে নিৰ্বাচনৰ পূৰ্বে এয়া ৰাজনৈতিক ষড়যন্ত্ৰ ৷

বিগত নিৰ্বাচনৰ সময়তো তেওঁক ৰাজনৈতিকভাৱে ধ্বংস কৰাৰ চেষ্টা কৰিছিল বুলি উল্লেখ কৰিছিল বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে ৷ এনেকুৱা দিন এটা আহিব বুলি আগতেই উমান কৰা বুলি মন্তব্য কৰিছে সাংসদ শৰণীয়াই ৷ শৰণীয়া, মদাহী আদি যিসকলে বড়ো, কছাৰী, ৰাভা আদিৰ প্ৰমাণপত্ৰ গ্ৰহণ কৰি আহিছে তেওঁলোকৰ ক্ষেত্ৰতো একেই অস্ত্ৰ চৰকাৰে প্ৰয়োগ কৰিব বুলি উল্লেখ কৰে সাংসদগৰাকীয়ে ৷ চৰকাৰে অন্ততঃ বঙহৰ মাংসৰে ভোজ-ভাত খাব নালাগিছিল বুলি মন্তব্য কৰে নৱ কুমাৰ শৰণীয়াই ৷

লগতে পঢ়ক: খাৰিজ হ’ব পাৰে নৱ কুমাৰ শৰণীয়াৰ সাংসদ পদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.