Eid Ul Fitr 2023: মৈৰাবাৰীৰ শ্বাহী ঈদগাহ ময়দানত ঈদৰ নামাজত অংশ ল’লে সাংসদ গৌৰৱ গগৈয়ে - ঈদৰ নামাজ
🎬 Watch Now: Feature Video
মৰিগাঁও, 22 এপ্ৰিল : অসমৰ সৰ্ববৃহৎ মৈৰাবাৰীৰ শ্বাহী ঈদগাহ ময়দানত ৩০ হাজাৰৰো অধিক ইছলাম ধৰ্মাৱলম্বী লোকে একেলগে ঈদৰ নামাজ আদায় কৰে । বিশ্বৰ শান্তি-সম্প্ৰীতি ভাতৃত্ববোধ আৰু সকলো শ্ৰেণীৰ লোকৰ মাজত মিলাপ্ৰীতিৰ বাবে আজি মৈৰাবাৰী শ্বাহী ঈদগাহ ময়দানত আল্লাৰ ওচৰত দোৱা কৰে হেজাৰ হেজাৰ লোকে । মৈৰাবাৰীৰ শ্বাহী ঈদগাহ ময়দানত সমগ্ৰ মৈৰাবাৰী অঞ্চলৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মুছলমান লোকে ঈদৰ দুই ৰাকাত নামাজ আদায় কৰিবলৈ সক্ষম হয় (EID celebration at Mairabari)।
আজি এই ঈদৰ নামাজত কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়েও অংশগ্ৰহণ কৰে (MP Gaurav Gogoi visits Morigaon Eidgah Maidan) । এক মাহ পৱিত্ৰ ৰমজান মাহৰ উপবাসৰ পাচত আনন্দ মনেৰে নতুন কাপোৰ পিন্ধি শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে ভিৰ কৰেহি ঈদগাহ ময়দানত । ঈদক কেন্দ্ৰ কৰি মৈৰাবাৰী অঞ্চলত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে । তদুপৰি অঞ্চলটোৰ বিভিন্ন প্ৰান্তত থকা মছজিদ, ঈদগাহ ময়দান আদিত পুৱাৰ ভাগত ঈদৰ সমূহীয়া নামাজ সম্পন্ন হয় ।
মৈৰাবাৰীৰ শ্বাহী ঈদগাহ ময়দানত পুৱা ৭ বজাৰ পৰাই মানুহৰ ভিৰ লাগে ৷ ৯ বজাত অনুষ্ঠিত ঈদৰ এই সমূহীয়া নামাজত প্ৰায় ৩০ হাজাৰৰো অধিক লোকে অংশগ্ৰহণ কৰে । সাংসদ গৌৰৱ গগৈয়ে নামাজত অংশগ্ৰহণ কৰি বিশ্ব শান্তি, সমন্বয় তথা ভাতৃত্ববোধ অটুত থকাৰ কামনা কৰে । সাংসদ গৰাকীয়ে ঈদগাহ ময়দানৰ উন্নয়নৰ বাবে সাংসদ পুঁজিৰ পৰা চাৰি লাখ টকাৰ কাম কৰাৰ পাচত পুনৰ তিনি লাখ টকাৰে চাৰিসীমাৰ বেৰ বনাই দিয়াৰ কথা ঘোষণা কৰে । উল্লেখযোগ্য যে যোৱা দুই দিন ধৰি ঈদগাহ পৰিচালনা কমিটিয়ে ৰাইজৰ সহযোগত শ্বাহী ঈদগাহ ময়দানৰ সৌন্দৰ্য বহু পৰিমাণে বৃদ্ধি কৰিছে (Eid Ul Fitr 2023) ৷
লগতে পঢ়ক : Eid al Fitr Celebration: যোৰহাটৰ ঈদগাহ ময়দানত সমূহীয়া নামাজ