MP Dilip Saikia Slams Congress: নৰেন্দ্ৰ মোডীৰ নাম শুনিলেই বিৰোধীৰ গা বেজবেজায়; সাংসদ দিলীপ শইকীয়া - লেজাৰ শ্ব’
🎬 Watch Now: Feature Video
মঙলদৈ, 30 এপ্ৰিল : "মন কী বাত শুনিবলৈ বিৰোধীক বিছাই ডকাৰ দৰে ডাকে ৷ নৰেন্দ্ৰ মোডীৰ নাম শুনিলেই বিৰোধীৰ গা বেজবেজাই যায় (MP Dilip Saikia reacts on congress) ৷ গতিকে এনে বিৰোধীয়ে ধনাত্মক পৰিৱেশৰ সৃষ্টি কৰিব নোৱাৰে, এটা ঋণাত্মক পৰিৱেশ কৰিবলৈকে বিৰোধীয়ে এনেদৰে তুচ্ছ তাচ্ছিল্য কৰি আছে ৷ মোডীক যিমানেই গালি পাৰিব সিমানেই মোডীৰ শক্তি আৰু সামৰ্থ বাঢ়িব ৷ মোডীক গালি পৰাই বিৰোধীৰ প্ৰধান কাম ৷ আগন্তুক নিৰ্বাচনত 400 ৰ অধিক আসন লৈ বিজয়ী হ’ব বিজেপি ৷" মন কী বাতৰ 100 টা খণ্ড সম্পূৰ্ণ হোৱাৰ লগত অনুষ্ঠিত হ’বলগা অনুষ্ঠানৰ প্ৰসংগত কংগ্ৰেছক এনেদৰে তীব্ৰভাষাৰে সমালোচনা কৰে সাংসদ দিলীপ শইকীয়াই (MP Dilip Saikia Slams Congress)৷
সাংসদগৰাকীয়ে লগতে ৰাজ্যজুৰি অসমৰ কীৰ্তিচিহ্ন ৰংঘৰত অনুষ্ঠিত কৰা সন্দৰ্ভত হৈ থকা বিতৰ্কৰ বিষয়ে কয় যে, ৰংঘৰত যি লেজাৰ শ্ব’ হৈ আছে তাকে যদি কোনোবাই গেৰুৱাকৰণ কৰা বুলি কয় (Rang ghar controversy) ৷ তেনেহ’লে গেৰুৱাকৰণ কৰাটো বেয়া নেকি ? গেৰুৱাটো ত্যাগৰ প্ৰতীক ৷ উল্লেখ্য যে, ৰাজ্যৰ লগতে দৰং জিলাৰ মঙলদৈ লোকসভা সমষ্টিত প্ৰায় ১১৮০ কেন্দ্ৰত ভাৰ্চুৱেলী সম্প্ৰচাৰ কৰা হয় মন কী বাত অনুষ্ঠান ৷
লগতে পঢ়ক: Mann Ki Baat : ইতিবাচকৰ এক অনন্য উৎসৱ হৈ পৰিছে ‘মন কি বাত’ : প্ৰধানমন্ত্ৰী মোডী