thumbnail

ইণ্ডি এলায়েন্সত কি কি বিসংগতি ? ক’লে সাংসদ অজিত কুমাৰ ভূঞাই

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 3:45 PM IST

নিউজ ডেস্ক, 20 ডিচেম্বৰ : ’24ৰ লোকসভা নিৰ্বাচনত বিজেপিক উৎখাত কৰাৰ স্বাৰ্থত গঠন হ’ল ইণ্ডি এলায়েন্স (INDI Alliance)৷ সকলো বিৰোধী দল এক হৈ বিজেপিৰ বিৰুদ্ধে এঘড়ী যুঁজাৰ পণ লৈছে যদিও সেই এলায়েন্সত যেন নাই একতা ৷ প্ৰতিটো দল অথবা নেতৃত্বৰ মতৰ যেন মিল নাই ৷ আন বহুতৰে দৰে এই ধাৰণা কৰিছে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞায়ো ৷

সাংসদ ভূঞাই কয় যে শেহতীয়াকৈ অনুষ্ঠিত চাৰিখন ৰাজ্যৰ নিৰ্বাচনত ইণ্ডি এলায়েন্সৰ যি বাৰ্তা যাব লাগিছিল সেয়া নহ’ল ৷ ইয়াৰোপৰি ইণ্ডি এলায়েন্সৰ কেতবোৰ বিসংগতি দাঙি ধৰিছে অজিত কুমাৰ ভূঞাই ৷ তেওঁ কয় যে ঐক্যমঞ্চত থকা ৰাষ্ট্ৰীয় দলসমূহৰ প্ৰতিটো সিদ্ধান্ত কেন্দ্ৰীয়ভাৱে দিল্লীত হ’ব লাগে ৷ দিল্লীত এটা সিদ্ধান্ত আৰু ৰাজ্যিক নেতৃত্বৰ আন এটা সিদ্ধান্তই লক্ষ্যত উপনীত নকৰাব ৷  

আনহাতে যোৱা 13 ডিচেম্বৰত সংসদত যুৱকে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ সন্দৰ্ভত সাংসদ ভূঞাই কয় যে দেশৰ গৃহমন্ত্ৰীগৰাকীয়ে ঘটনা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিব লাগিছিল যদিও সেয়া কৰা দেখা নগ’ল ৷

লগতে পঢ়ক: সাংসদক বহিষ্কৰণৰ অভিপ্ৰায়ৰ ওপৰত প্ৰশ্ন ছোনিয়া গান্ধীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.