thumbnail

By

Published : Oct 26, 2022, 7:02 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

ETV Bharat / Videos

Miya Museum Controversy: মিঞা মিউজিয়ামৰ আঁৰত চৰকাৰী পৃষ্ঠপোষকতাৰ অভিযোগ অজিত ভূঞাৰ

মিঞা মিউজিয়াম(Miya Museum) সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ সাংসদ অজিত কুমাৰ ভূঞাৰ (MP Ajit Kumar Bhuyan)। তেওঁ কয় যে যেতিয়াই জলন্ত সমস্যাই হেঁচি ধৰে, তেতিয়াই চৰকাৰে এনে বিষয়বোৰক আদৰণি জনায়, পৃষ্ঠপোষকতা কৰে । 2024ৰ নিৰ্বাচনৰ(Lok Sabha election 2024) পূৰ্বে আৰু এনে বহু ঘটনা ঘটিব বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে । ইয়াৰ আঁৰত থকা ষড়যন্ত্ৰ, অভিসন্ধি অসমীয়া সমাজৰ বাবে ক্ষতিকাৰক বুলি মন্তব্য কৰে অজিত কুমাৰ ভূঞাই । উল্লেখ্য যে গোৱালপাৰাত ২৩ জুলাইত মিঞা মিউজিয়াম মুকলি কৰাৰ পাচতে সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । মঙলবাৰে মিঞা মিউজিয়াম সম্পৰ্কে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পাচতেই গোৱালপাৰাত অসম মিঞা পৰিষদৰ(Asom Miya Parishad) সভাপতি মহৰ আলীৰ প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত নিৰ্মীত ঘৰত স্থাপন কৰা মিঞা মিউজিয়ামটো ছিল কৰাৰ লগতে কেইবাজনকো আটক কৰে (Miya Museum sealed)।
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.