Moving vehicle catches fire: ৰহাৰ ডিমৌত চলন্ত অৱস্থাতে জ্বলি উঠিল ব্ৰইলাৰ মুৰ্গী কঢ়িয়াই অনা বাহন

By ETV Bharat Assamese Team

Published : Oct 25, 2023, 1:35 PM IST

thumbnail

নগাঁও, 25 অক্টোবৰ : প্ৰায় আঠহাজাৰ ব্ৰয়লাৰ পোৱালি জীৱন্তে অগ্নিদগ্ধ ! চলন্ত গাড়ীত অকস্মাতে লাগিল জুই ৷ দশমীৰ দেৱী বিসৰ্জনৰ উদ্দীপনাৰ মাজতে ৰহাৰ ডিমৌত মঙলবাৰে নিশা ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক অঘটন । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে ডিমৌত হঠাৎ দাউ দাউকৈ জ্বলি উঠিল এখন চলন্ত বাহন ।

জানিব পৰা মতে, গুৱাহাটীৰ পৰা শিলচৰ অভিমুখে ব্ৰইলাৰ মুৰ্গীৰ পোৱালি কঢ়িয়াই লৈ গৈ আছিল জ্বলি উঠা ডি আই বাহনখনে । চলন্ত অৱস্থাতে ৰহাৰ ডিমৌত হঠাৎ জ্বলি উঠা বাহনখনৰ নম্বৰ AS 01 NC 2751 । ঘটনা সংঘটিত হোৱাৰ পিচত ঘটনাস্থলীত ৰহা অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰে ৷ যান্ত্ৰিক বিজুতিৰ বাবেই জুই লগাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ।

লগতে পঢ়ক : Moving dumper catches fire : খানাপাৰাত নিশা হঠাৎ জ্বলি উঠিল এখন বাহন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.