অবৈধ সুৰা বিক্ৰী কৰা ধাবাত ছীল-মোহৰ মাৰিলে মৰিগাঁও জিলা প্ৰশাসনে - district administration
🎬 Watch Now: Feature Video
Published : Jan 3, 2024, 7:02 AM IST
মৰিগাঁও, 3 জানুৱাৰী : মঙলবাৰে নিশা মৰিগাঁও জিলা প্ৰশাসনে বেআইনীভাবে সুৰা বিক্ৰী কৰা ধাবাত অভিযান চলায় । এই অভিযান চলাই প্ৰশাসনে পথৰ দাঁতিত থকা কেইবাখনো অবৈধ সুৰা বিক্ৰী কৰা ধাবাত ছীল-মোহৰ মাৰে ৷ মঙলবাৰে মৰিগাঁও জিলা অতিৰিক্ত আয়ুক্ত প্ৰাঞ্জল বৰুৱাৰ নেতৃত্বত চলা এই অভিযানৰ পিচতে মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই সংবাদমেল সম্বোধন কৰি ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অনুজ্ঞাপত্ৰহীনভাবে চলাই থকা সুৰা বিক্ৰীৰে বহুতৰ জীৱনলৈ অমানিশা নমাই অনা বুলি উল্লেখ কৰে ৷ পৰৱৰ্তী সময়ত এনে কাৰ্যৰ সৈতে জড়িত থকাসকলক কোনো কাৰণতে আপোচ কৰা নহ'ব বুলি সকীয়নি দিয়ে আয়ুক্তগৰাকীয়ে ।
এই অভিযানত মায়ং ৰাজহ চক্ৰৰ অন্তৰ্গত ঝাৰগাঁও, হাতীমুৰীয়া আৰু মায়ং অঞ্চলত অনুজ্ঞাপত্ৰবিহীনভাবে গ্ৰাহকক সুৰা যোগান ধৰি থকা দুখন ধাবা আৰু এখন দোকান জিলা প্ৰশাসনে ছীল কৰে । মায়ঙৰ হাতীমুৰীয়া অঞ্চলত ছীল কৰা এখন ধাবাৰ নাম নেচাৰ্চ হাব আৰু আনখন ঝাৰগাঁও অঞ্চলৰ বিশাল ৰেষ্টুৰেন্ট বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক: ভাৰতত নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত ৫৭৩ গৰাকী; ২ জনৰ মৃত্যু