BJP joining programme: মৰাণ স্বায়ত্বশাসিত পৰিষদৰ ১৬ জন সদস্যই যোগদান কৰিলে বিজেপিত - ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা
🎬 Watch Now: Feature Video


Published : Sep 13, 2023, 8:26 PM IST
গুৱাহাটী ১৩ ছেপ্টেম্বৰ: মহানগৰীৰ বশিষ্ঠস্থিত অটল বিহাৰী বাজপেয়ী ভৱনত বুধবাৰে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ এখনি যোগদান সভা অনুষ্ঠিত হয় । এই যোগদান কাৰ্যসূচীত ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰে মৰাণ স্বায়ত্বশাসিত পৰিষদৰ মুঠ ১৬ গৰাকী সদস্যই ৷ অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা প্ৰমূখ্যে শদিয়াৰ বিধায়ক বলীন চেতিয়া, বিজেপিৰ উপ-সভাপতি জয়ন্ত দাসৰ লগতে আন আন বিজেপি কৰ্মকৰ্তাসকল ।
মৰাণসকলৰ যোগদানে বিজেপি দলক আৰু অধিক শক্তিশালী কৰি তুলিব বুলি নিশ্চিত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা । ইতিপূৰ্বে দলটোত কেইবাটাও যোগদান কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ কথা ব্যক্ত কৰি আগন্তুক সময়তো ধাৰাবাহিকভাৱে যোগদান কাৰ্যসূচী চলিব থাকিব বুলি বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে উল্লেখ কৰে । তেওঁ লগতে মৰাণ জনগোষ্ঠীয় লোকসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়া কৰ্মৰাজীৰ প্ৰতি আকৃষ্ট হৈ দলত যোগদান কৰা বুলি প্ৰকাশ কৰে ।
লগতে পঢ়ক: BJP joining programme: ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত মদাহী উন্নয়ন পৰিষদৰ সমূহ সদস্যৰ যোগদান