Moral policing case: হাইলাকান্দিৰ লালাত মৰেল পুলিচিঙৰ ঘটনা; এজন যুৱকক প্ৰহাৰ একাংশ উদণ্ডৰ - Police arrests prime accused
🎬 Watch Now: Feature Video
কৰিমগঞ্জ, 28 মে’: ৰাজ্যত পুনৰ সংঘটিত হৈছে মৰেল পুলিচিঙৰ ঘটনা ৷ এইবাৰ হাইলাকান্দি জিলাৰ লালাত সংঘটিত হ’ল মৰেল পুলিচিঙৰ ঘটনা (Hailakandi moral policing case) ৷
জানিব পৰা মতে হাইলাকান্দিৰ লালা অঞ্চলত এগৰাকী মহিলা আৰু এজন যুৱকক অনৈতিক কাৰ্যত লিপ্ত থকাৰ অভিযোগত আন কেইজনমান যুৱকে প্ৰহাৰ তথা শাৰিৰীকভাৱে অপদস্থ কৰে ৷ এই ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হয় আৰু পৰৱৰ্তী সময়ত আৰক্ষীৰ দৃষ্টিগোচৰ হয় (Moral Policing incident in Hailkandi) ৷
লগে লগে আৰক্ষীয়ে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰে আৰু মহিলাগৰাকীৰ পৰিয়ালৰ দ্বাৰা লালা আৰক্ষী থানাত এক গোচৰ ৰুজু কৰা হয় ৷ ইতিমধ্যে এই ঘটনাৰ সৈতে জড়িত ৰাহুল চৰকাৰ নামৰ এজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি জানিবলৈ দিছে (Hailkandi Moral Policing incident) ৷ আনহাতে ভিডিঅ’ ফুটেজৰ ভিত্তিত এই ঘটনাৰে জড়িত আন সকলোকে আৰক্ষীয়ে চিনাক্ত কৰি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷ ভুক্তভোগী মহিলাগৰাকী বৰ্তমান সুস্থা অৱস্থা আছে বুলি উল্লেখ আৰক্ষীৰ (Police arrests prime accused) ৷
লগতে পঢ়ক: Raid against Fake currency: নগাঁৱৰ নিজ বাসগৃহৰ চিলিঙত লুকাই থকা অৱস্থাত আটক জালনোট সৰবৰাহকাৰী