Monkey menace at Kaliabor: কলিয়াবৰত হাতীৰ পিছত এইবাৰ বান্দৰৰ আতংক - দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে বান্দৰৰ উপদ্ৰৱ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 8, 2023, 8:48 AM IST

নগাঁও, 8 মাৰ্চ: হাতী-মানুহৰ সংঘাতে ভয়াৱহ ৰূপ লোৱাৰ সময়তে নগাঁৱৰ কলিয়াবৰত এইবাৰ চলিছে বান্দৰ আৰু মানুহৰ সংঘাত  ৷ কলিয়াবৰত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে বান্দৰৰ উপদ্ৰৱ ৷ কৃষি প্ৰধান একো একোটা অঞ্চলত ৰাইজৰ খেতি তহিলং কৰি পেলোৱাৰ ফলত সমস্যাৰ সন্মুখীন হৈছে স্থানীয় ৰাইজ ৷ খেতি-বাতি একো কৰি নোৱাৰাৰ ফলত প্ৰাত্যহিক জীৱন যাত্ৰাত সমস্যাই দেখা দিছে (Monkey and human conflict at Kaliabor)। 

জাকে জাকে বান্দৰ আহি খেতিৰ ফচলবোৰ খোৱাৰ লগতে তহিলং কৰি থৈ যায় সকলো । আনকি, ঘৰত কোনো নথকাৰ সুযোগ লৈ বান্দৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰি খাদ‍্য-সামগ্ৰী, বাচন-বৰ্তনৰ বিস্তৰ ক্ষতি কৰাৰ কথাও সংবাদ মাধ্যযোগে অৱগত কৰে ভুক্তভোগী ৰাইজে । ইয়াৰোপৰি, বান্দৰে বহু ঠাইত মানুহকো আক্ৰমণ কৰিছে বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে (Monkey menace at Kaliabor)। 

লগতে পঢ়ক : Road accident in Jorhat: ভয়ংকৰ পথ দুৰ্ঘটনাত যুৱকৰ মৃত্যু, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কেইবাজনো

উল্লেখ্য যে, গছ গছনি কাটি বনাঞ্চলসমূহ খাস্তাং কৰাৰ লগতে সংকূচিত কৰাত বন্য জীৱ-জন্তুবোৰে বাসস্থানৰ লগতে খাদ্যৰ সংকটত ভোগা পৰিলক্ষিত হৈছে ৷ যাৰ ফলত বন্য জীৱবোৰে খাদ্য-বাসস্থানৰ অভাৱ পূৰাবলৈ জনাঞ্চললৈ ওলায় অহা দেখিবলৈ পোৱা গৈছে, যিয়ে ৰাজ্যত বৃদ্ধি কৰিছে বন্য জন্তু আৰু মানুহৰ সংঘাত ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.