Financial Corruption in Sarva Shiksha Office: ডিব্ৰুগড় জিলা সৰ্বশিক্ষা কাৰ্যালয়ত ধনৰ হৰলুকি - ডিব্ৰুগড় জিলা সৰ্বশিক্ষা কাৰ্যালয়ত ধনৰ হৰলুকি

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 5, 2023, 2:34 PM IST

ডিব্ৰুগড়,৫ মে': ডিব্ৰুগড় জিলা সৰ্বশিক্ষা কাৰ্যালয়ত ভয়ংকৰ বিত্তীয় অনিয়ম । ৩০ লাখ টকা হৰলুকি কৰি নিজৰ একাউণ্টত ভৰালে কাৰ্যালয়ৰ কৰ্মচাৰীয়ে । আৰক্ষীক গোচৰ দাখিল(Money siphony at Sarva Shiksha Office in Dibrugarh ) । এটকা দুটকা নহয় এইবাৰ ৩০ লাখ টকা চৰকাৰী ধন নিজৰ একাউণ্টত ভৰাই খৰছ কৰিলে সৰ্বশিক্ষা কাৰ্যালয়ৰ একাউন্টেত ধন্টি গগৈয়ে ।  

ডিব্ৰুগড় জিলা সৰ্বশিক্ষা কাৰ্যালয়ৰ ধন্টি গগৈ নামৰ মহিলা একাউন্টেত গৰাকীয়ে ডিব্ৰুগড় জিলা সৰ্বশিক্ষা কাৰ্যালয়ৰ চৰকাৰী একাউণ্টত থকা প্ৰায় ৩০ লাখ টকা ধন নিজৰ একাউণ্টত ভৰাই কৰিছিল খৰছ । ধন্টি নামৰ জিলা সৰ্বশিক্ষা কাৰ্যালয়ৰ একাউণ্ট বিভাগত কৰ্মৰত । যোৱা ২২ বৰ্ষৰ মে’ মাহৰ পৰা অতি চতুৰালিৰে নিজৰ ব্যক্তিগত তিনিটা বেংক একাউণ্টত ক্ৰমে SBI,UCO আৰু PND ত এই ধন ৰাশি ভৰাই খৰছ কৰি আহিছিল(Financial Corruption in Sarva Shiksha Office) ।  

ইফালে জিলা সৰ্বশিক্ষা বিষয়াই কাৰ্যালয়ৰ একাউণ্ট পৰীক্ষা কৰাৰ পাছতে পোহৰলৈ আহিল এই ভয়ংকৰ বিত্তীয় অনিয়মৰ তথ্য । ইতিমধ্যে ঘটনাৰাজি পোহৰলৈ অহাৰ লগে লগেই জিলা সৰ্বশিক্ষা বিষয়াই দাখিল কৰিছে গোচৰ(Corruption in Sarba Siksha Abhiyan Office of Dibrugarh) । ইতিমধ্যে জিলা প্ৰশাসনৰ জৰিয়তে তদন্ত আৰম্ভ কৰিছে । এই ঘটনাত কাৰ্যালয়টোৰ আৰু বহু নামি দামী বিষয়া জালত পৰাৰ সম্ভাৱনা প্ৰকট হৈ পাৰিছে । 

লগতে পঢ়ক: Special TET pass teachers hold protest: আত্মজাহৰ হুংকাৰ বিশেষ টেট উৰ্ত্তীণ ৬৬৭ গৰাকী প্ৰার্থীৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.