thumbnail

By

Published : Mar 8, 2023, 4:25 PM IST

ETV Bharat / Videos

Model Anganwadi Centre in Teok: চিন্তামণিগড় আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ উদ্বোধন

টীয়ক, ৮ মাৰ্চ: অসম চৰকাৰৰ "সোণালী শৈশৱ বিকশিত অসম" আঁচনিৰ জৰিয়তে নিৰ্মাণ কৰা চিন্তামণিগড় আদৰ্শ আংগনৱাড়ী কেন্দ্ৰটো মঙলবাৰে উদ্বোধন কৰে টীয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাই (MLA Renupama Rajkhowa)। এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত শিশুসকলক কায়িক তথা মানসিক বিকাশৰ অৰ্থে অসম চৰকাৰে লোৱা এই অভিলাষী আঁচনিয়ে গ্ৰামাঞ্চলৰ শিশুসকলৰ বাবে বিশেষভাৱে সহায়ক হ'ব বুলি বক্তাসকলে মন্তব্য় কৰে (Inauguration of Model Anganwadi Centre in Teok) ।

উল্লেখযোগ্য যে টীয়ক সমষ্টিত ইতিমধ্যে প্ৰথম পৰ্যায়ত ১১ টাকৈ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণ হৈছে (Golden Childhood Development Assam) । ইয়াৰে ছয়টা কেন্দ্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে আৰু এসপ্তাহৰ ভিতৰত বাকী পাঁচটা কেন্দ্ৰও মুকলি কৰাব পৰা হ'ব বুলি সদৰি কৰিছে টীয়ক বিধান পৰিষদৰ সভাপতি বিকাশ শইকীয়াই ।

উক্ত উদ্বোধনী অনুষ্ঠানত টীয়ক বিধান পৰিষদৰ সভাপতি বিকাশ শইকীয়া, কলীয়াপানী উন্নয়ন খণ্ডৰ সহকাৰী অভিযন্তা আব্দুল মৱিন, অগপ কেন্দ্ৰীয় পৰিষদৰ সদস্য পৰেশ বৰা, অগপ যোৰহাট জিলা সম্পাদক দ্বীপেন বৰগোঁহাই, টীয়ক প্ৰছ ক্লাৱৰ উপদেষ্টা ৰিজু কুমাৰ শইকীয়াকে প্ৰমুখ্য কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক:Beneficiary Schemes of Govt of Assam: হিতাধিকাৰী আঁচনিসমূহ ৰূপায়ণ কৰিবলৈ গৈ সমস্যাত পৰিছে অসম চৰকাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.