thumbnail

By

Published : Mar 18, 2023, 5:44 PM IST

ETV Bharat / Videos

Mock Drill in Tezpur: তেজপুৰত দুৰ্যোগ প্ৰশমন বিভাগৰ ম'কড্ৰিল

তেজপুৰ,১৮ মাৰ্চ: বানপানীৰ কৱলত কেইবাজনো লোক হাহাকাৰ পৰিস্থিতি(Flood in Tezpur) । গাঁওবুঢ়াই জিলা প্ৰশাসনক ঘটনা সন্দৰ্ভত জৰুৰী বাৰ্তা প্ৰেৰণ কৰি বিচাৰিলে সহায়ৰ হাত । লগে লগে উপস্থিত দুৰ্যোগ প্ৰশমন বিভাগৰ লোক । তেজপুৰৰ কলিবাৰীৰ মথাউৰি ভাগি পানীত আৱদ্ধ হৈ পৰে বহু লোক ৷ ইয়াৰে ১৩ গৰাকীকৈ লোকে নিৰাপদ স্থানত অৱস্থান কৰিবলৈ সক্ষম হয় যদিও পানীত ডুব যায় ৭ গৰাকীকৈ লোক ৷  

তেজপুৰ ৰাজহ চক্ৰ বিষয়াই তাৎক্ষণিকভাৱে জনোৱাৰ পাচতে উক্ত স্থানত উপস্থিত হয় এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ দুটা দল ৷ উদ্ধাৰকাৰী দল দুটাই তৎপৰতাতে লোক ৭ জনক উদ্ধাৰ কৰি প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পাছতে তেজপুৰস্থিত কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ আনহাতে আৱদ্ধ হৈ পৰা আন ১৩ গৰাকী লোকক অস্থায়ী শিৱিৰলৈ প্ৰেৰণ কৰা হয় ৷  

দৰাচলতে, এয়া কোনো সত্য ঘটনা নহয় ৷ যিকোনো সম্ভাব্য দুৰ্যোগৰ সময়ত দুৰ্যোগ প্ৰশমন বিভাগৰ লগতে আন বিভাগসমূহে গ্ৰহণকৰিবলগীয়া ব্যৱস্থাৰ অনুশীলনহে কৰা হয় তেজপুৰত(Mockdrill in Tezpur) ৷ উক্ত ম'কড্ৰিলত শোণিতপুৰ জিলাৰ দুৰ্যোগ প্ৰশমন বিভাগৰ লগতে প্ৰায়কেইটা বিভাগে অংশগ্ৰহণ কৰে(Mockdrill of Disaster Management Department in Tezpur) ৷ শোণিপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ,তেজপুৰ সদৰ ৰাজহচক্ৰ বিষয়াৰ লগতে আন বহুকেইজন বিষয়া উপস্থিত থাকে উক্ত কাৰ্যসূচীত ৷ 

লগতে পঢ়ক: Herbal treatment in Arunachal Pradesh: বনৌষধি চিকিৎসাৰে কৰ্কট ৰোগ নিৰাময়ৰ দাবী অৰুণাচলৰ মহিলাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.