Theft racket busted : ম’বাইল চুৰি চক্ৰ উৎখাত ৰেল আৰক্ষীৰ

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 2:58 PM IST

thumbnail

তিনিচুকীয়া, 20 অক্টোবৰ: ৰেলত ম’বাইল চুৰি চক্ৰ উৎখাত ৰেল আৰক্ষীৰ ৷ বৃহস্পতিবাৰে নিশা অভিযান চলাই ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ পৰা আৰক্ষীয়ে আটক কৰে বিকাশ সোনাৰ নামৰ এজন যুৱকক । আটকাধীন যুৱকজনৰ ঘৰ বৰহাট বাগানত । 

বহু দিনৰে পৰা যাত্ৰীৰ পৰা কৌশলেৰে ম’বাইল চুৰি কৰি আহিছিল বুলি যুৱকজনে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷ আটকাধীন যুৱকজনৰ স্বীকাৰোক্তি অনুসৰি, দলটোত কেইবাজনো যুৱকৰ লগতে আছে চাৰিগৰাকী মহিলা । দলটোৰ টাৰ্গেট লিডু-গুৱাহাটী ইণ্টাৰচিটি ৰে’লৰ যাত্ৰীসকল বুলি অভিযুক্তই জনায় । 

লগতে ধৃত বিকাশে সদৰী কৰা অনুসৰি চোৰ কৰা মবাইলসমূহ তিনিচুকীয়াত 1000-1200 টকাত কানা বাব্লু নামৰ এজন লোকক বিক্ৰী কৰিছিল । ইয়াৰ পূৰ্বে কানা বাব্লুক ধৃত বিকাশে চাৰি-পাঁচবাৰ চুৰি মবাইল যোগান ধৰিছিল ৷ 

ঘটনা সন্দৰ্ভত তিনিচুকীয়া ৰেল আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :  Clash in students union: সদ্য নিৰ্বাচিত মাণিকপুৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সংঘাত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.