প্ৰকৃততে বিজেপি চৰকাৰে চাহ শ্ৰমিকৰ আৰ্তনাদ বুজি পাইছে : তেৰছ গোৱালা - দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 5, 2023, 1:46 PM IST

ডিব্ৰুগড়, 5 ডিচেম্বৰ : লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে এতিয়া শাসক বিৰোধী তৎপৰ হৈছে সমষ্টিয়ে সমষ্টিয়ে দলীয় সাংগঠনিক কামকাজ কৰাত । কংগ্ৰেছ দলৰ ভোট বেংক হিচাপে পৰিচিত হৈ অহা চাহ বাগিচাৰ ভোটাৰ সকলক লৈ শাসক দল বিজেপি অধিক তৎপৰ হোৱা পৰিলক্ষিত হৈছে । বিশেষকৈ ডিব্ৰুগড় লোকসভা সমষ্টিত প্ৰতিখন চাহ বাগিচাত বিজেপিয়ে আৰম্ভ কৰিছে সংকল্প যাত্ৰাৰ লগতে বিভিন্ন কাৰ্যসূচী ।

ডিব্ৰুগড় লোকসভা সমষ্টিৰ চাহ বাগিচাত বিজেপি নেতাসকলৰ জৰিয়তে কংগ্ৰেছ কৰ্মীসকলক বিজেপিত যোগদান কৰোৱাই সাংগঠনিক শক্তি বৃদ্ধি কৰিছে । ডিব্ৰুগড় লোকসভা সমষ্টিৰ লাহোৱাল থানাই চাহ বাগিচাৰ এখন সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাই ।

বিধায়ক গৰাকীয়ে কয়, ‘‘70 বছৰে চাহ বাগিচাৰ ভোটাৰ সকল কংগ্ৰেছৰ গোলামী ভোটাৰ হিচাপে ব্যৱহাৰ হ'ল । বিজেপি চৰকাৰ অহাৰ পাছতে চাহ শ্ৰমিক সকলে সন্মান আৰু মৰ্যদাৰে বাস কৰিছে । চাহ শ্ৰমিকসকলৰ সমস্যা সমাধানৰ বাবে চেষ্টা কৰিছে বিজেপি চৰকাৰে । সঁচা অৰ্থত বিজেপি চৰকাৰে চাহ শ্ৰমিকৰ আৰ্তনাদ বুজি পাইছে’’ ।

লগতে পঢ়ক : কলগাছিয়াৰ বৰদাঙাত অগ্নিকাণ্ডত, ভস্মীভূত এটা পৰিয়ালৰ দুটাকৈ গৃহ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.