Rupjyoti Kurmi: কেৱল সন্দেহযুক্ত লোকসকলহে আছে কংগ্ৰেছৰ লগত; ৰূপজ্যোতি কুৰ্মী
🎬 Watch Now: Feature Video
ৰৌতা, 27 ছেপ্টেম্বৰ: ‘‘কংগ্ৰেছে বাগান যাত্ৰা কৰক, গাঁও যাত্ৰা কৰক, ভৈয়াম বা পাহাৰ যাত্ৰা কৰক একো লাভ নহ’ব । খিলঞ্জীয়া অসমীয়া তথা ভাৰতীয় মূলৰ লোকে ইতিমধ্যে কংগ্ৰেছক ছাফা কৰি দিলে । কেৱল সন্দেহযুক্ত লোকসকলহে আছে কংগ্ৰেছৰ লগত,’’ কংগ্ৰেছক কটাক্ষ কৰি এই মন্তব্য বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ৷
বিধায়ক কুৰ্মীয়ে আৰু কয় যে কলিয়াবৰৰ পৰা শদিয়ালৈকে কংগ্ৰেছৰ মাত্ৰ দুজন বিধায়ক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ নলবাৰীৰ পৰা মাজবাটলৈ মাত্ৰ এজন বিধায়ক । তাকো সন্দেহযুক্ত লোকৰ সমৰ্থিত বিধায়ক ।
ওদালগুৰিৰ মাজবাটত বিজেপিৰ দলীয় সভাত উপস্থিত হৈ এইদৰেই কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে বিজেপিৰ বহুবল্কি বিধায়ক ৰূপজ্যোতি কুৰ্মী । বিগত ৭০ বছৰে কংগ্ৰেছে কেৱল সূতা কম্বলৰ ৰাজনীতিহে কৰিলে, চাহ বাগানৰ মজুৰি বৃদ্ধি, স্কুল-কলেজ নিৰ্মাণৰ কথা কংগ্ৰেছে চিন্তাই কৰা নাই বুলিও মন্তব্য ৷
তেওঁ আৰু কয় যে আদিবাসী লোকৰ একমাত্ৰ জাতীয় উৎসৱ কৰম পূজাৰ বন্ধৰ কথা কোনেও চিন্তা কৰা নাছিল । আজি সেইখিনি সমস্যা সমাধান বা কাম ভাৰতীয় জনতা পাৰ্টীয়ে কৰিছে ।