প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশবাসী আজি সুৰক্ষিত: ৰূপজ্যোতি কুৰ্মী - MP ASSEMBLY ELECTION

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 3, 2023, 7:27 PM IST

যোৰহাট, 3 ডিচেম্বৰ : "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশবাসী আজি সুৰক্ষিত , সেয়েহে বিজেপিৰ পক্ষে ৰাইজে দিলে জনাদেশ ৷ প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত সমগ্ৰ দেশ বিকাশৰ গতিত আগবাঢ়িছে , অৰ্থনৈতিক ক্ষেত্ৰত উত্থান হৈছে, দৰিদ্ৰতা নিৰ্মূলকৰণ, মাওবাদকে ধৰি উগ্ৰপন্থী সমস্যা সমাধান হৈছে ৷ মোদীৰ নেতৃত্বত দেশবাসীয়ে আজি সুৰক্ষিত অনুভৱ কৰাৰ আদিবোৰ কাৰণৰ বাবে বিজেপিৰ পক্ষে তিনি ৰাজ্য ক্ৰমে মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ত জনাদেশ দিলে ৷ দুখনকৈ ৰাজ্যত শাসনৰ বাঘজৰীত থকা কংগ্ৰেছক পৰাস্ত কৰি একক সংখ্যাগৰিষ্ঠ দল হিচাপে পৰিগণিত হ’ল বিজেপি ।" তিনি ৰাজ্যত বিজেপি দলৰ অগ্ৰগতিৰ সন্দৰ্ভত এইদৰে মন্তব্য প্ৰকাশ কৰে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ 

লগতে কুৰ্মীয়ে কংগ্ৰেছ দলক সমালোচনা কৰি কয় যে, কংগ্ৰেছ দলত কোনো নীতি আৰ্দশ নাই ৷ এই দলটো এজন লোকৰ দ্বাৰা পৰিচালিত হোৱা দল ৷ তেলেংগনাত বিজেপি পৰাস্ত হৈছে , কিন্তু ভৱিষ্যতে বিজেপি দলে তেলেংগনাত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব ৷ 

লগতে পঢ়ক: হিন্দীবলয়ত সম্পূৰ্ণৰূপে উৎখাত হ’ল কংগ্ৰেছ !

লগতে কুৰ্মীয়ে পুনৰ কয়, "ছত্তীশগড়ত মই ১০ দিন আছিলো, তেতিয়াই গম পাইছিলো যে শাসনাধীন কংগ্ৰেছ চৰকাৰক উৎখাত কৰিবলৈ ৰাইজে মাৰবান্ধি থিয় দিছিল ৷ ৰাজস্থানত কংগ্ৰেছ চৰকাৰে চৰম দুৰ্নীতিত লিপ্ত হৈছিল ৷ কংগ্ৰেছে কেতিয়াও দৰিদ্ৰ জনসাধাৰণৰ বাবে কাম কৰা নাছিল ।"

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.