ড্ৰাম বজাই শিল্পী অৰুণ দাসক স্মৰণ বিধায়ক ৰূপক শৰ্মাৰ - বিধায়ক ৰূপক শৰ্মা
🎬 Watch Now: Feature Video


Published : Dec 10, 2023, 10:27 PM IST
নগাঁও, 10 ডিচেম্বৰ : যোৱা 3 ডিচেম্বৰত মৃত্যুক আকোঁৱালি ল’লে দৰদী শিল্পী অৰুণ দাসে ৷ ৯০ দশকৰ ৰকষ্টাৰ অৰুণ দাসৰ মৃত্যুৱে ৰাজ্যবাসীক শোকাকুল কৰি তুলিলে ।
প্ৰতিগৰাকী সংগীতপ্ৰিয় অসমীয়াৰ দৰে নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাকো মৰ্মাহত কৰে শিল্পীগৰাকীৰ মৃত্যুৱে ৷ শিল্পী অৰুণ দাসক স্মৰণ কৰি দেওবাৰে বিধায়ক শৰ্মাই সামাজিক মাধ্যমত এক ভিডিঅ’ শ্বেয়াৰ কৰে ৷ ভিডিঅ’টোত বিধায়কগৰাকীয়ে ড্ৰাম বজাই অৰুণ দাসক স্মৰণ কৰা দেখা যায় ৷
শিল্পী অৰুণ দাসৰ গীত শুনি ডাঙৰ হোৱা বুলি মন্তব্য কৰে সাংস্কৃতিক কৰ্মী তথা নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই । ভিডিঅ’টোত ৰূপক শৰ্মাৰ এগৰাকী বন্ধুৱে অৰুণ দাসৰ এটি গীত পৰিৱেশন কৰাৰ লগতে বিধায়কগৰাকীয়ে ড্ৰাম সংগত কৰা দেখা যায় ৷
লগতে পঢ়ক : জীৱন বাটৰ নাট সামৰিলে ৯০ দশকৰ অসমৰ ৰকষ্টাৰ অৰুণ দাসে