Prasanta Phukan inaugurates Puja mandap : ডিব্ৰুগড়ৰ মাৰোৱাৰীপট্টি পূজা মণ্ডপত বিধায়ক প্ৰশান্ত ফুকন - পূজা মণ্ডপ নিৰ্মাণ
🎬 Watch Now: Feature Video


Published : Oct 21, 2023, 11:55 AM IST
ডিব্ৰুগড়, ২১ অক্টোবৰ : শুকুৰবাৰে সন্ধিয়া ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা হ’ল মা দুৰ্গা ৷ মা দুৰ্গাৰ মন্ত্ৰোচাৰণেৰে মুখৰিত ৰাজ্যৰ ভিন্ন ক্ষেত্ৰ ৷ বাদ পৰি ৰোৱা নাই ডিব্ৰুগড়ৰ প্ৰতিটো পূজা মণ্ডপ । ডিব্ৰুগড় জিলাত ১২০ খনৰো অধিক পূজা মণ্ডপ সাজি উলিওৱা হৈছে ৷ প্ৰতিখন পূজা মণ্ডপতে সুকীয়া সুকীয়া আলোক সজ্জা কৰাৰ লগতে বিভিন্ন আৰ্হিত মণ্ডপো নিৰ্মাণ কৰি ভক্তপ্ৰাণ ৰাইজক আকৰ্ষণৰ চেষ্টা কৰা হৈছে ।
ইয়াৰ ভিতৰত ডিব্ৰুগড় নগৰৰ মাৰোৱাৰীপট্ৰিৰ পূজা মণ্ডপ অন্যতম ৷ অন্যবাৰৰ লেখিয়াকৈ এইবাৰে ৭৯ সংখ্যক মাৰোৱাৰীপট্টি ত পূজাৰ উদ্যোক্তাসকলে সুন্দৰকৈ আয়োজন কৰিছে । শুকুৰবাৰে ডিব্ৰুগড় চহৰৰ মাৰোৱাৰীপট্টি ৭৯ সংখ্যক পূজা মণ্ডপৰ দুৱাৰ মুকলি কৰে বিধায়ক প্ৰশান্ত ফুকনে ।
লগতে পঢ়ক : Durga Puja 2023 : নগাঁৱত তিনিটা শিতানত পূজা সমিতিয়ে পাব পুৰস্কাৰ