thumbnail

By ETV Bharat Assamese Team

Published : Jan 14, 2024, 5:16 PM IST

ETV Bharat / Videos

বিমল বড়াৰ সমষ্টিৰ চিতল মাছেৰে উৰুকাৰ ভোজ খাব বিধায়ক প্ৰশান্ত ফুকনে

ডিব্ৰুগড়, ১৪ জানুৱাৰী: ডিব্ৰুগড়ত উৰুকাৰ বজাৰত মাছ ক্ৰয় কৰা গ্ৰাহকৰ ভিৰ । উৰুকাত ৰৌ, বৰালী, ভকুৱা, চিতল, আঁৰি, পাভ মাছেৰে উভৈনদী ডিব্ৰুগড়ৰ বজাৰ । ব্ৰহ্মপুত্ৰ, বুঢ়িদিহিং, চেঁচা নদীৰ উপৰিও জিলাৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা মাছেৰে উভৈনদী হৈ পৰিছে ডিব্ৰুগড়ৰ বজাৰ । ডিব্ৰুগড়ৰ বজাৰত যেন এতিয়া মাছ ক্ৰয় কৰাৰ প্ৰতিযোগিতাহে চলিছে ।  

ইয়াৰ সমান্তৰালকৈ ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনেও বজাৰত চিতল মাছ কিনি জুৰিলে বিহু গীত । উৰুকাৰ নিশা চিতল মাছৰে ভোগালী বিহু ভোগ কৰাৰ কথা ক'লে বিধায়কগৰাকীয়ে । মুখ খুলিলেই ৰাজ্যৰ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি অহা ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনে ক'লে টিংখাঙৰ বিধায়ক তথা মন্ত্ৰী বিমল বড়াৰ সমষ্টিৰ পৰা অহা চিতল মাছ কিনিলে তেওঁ ।

লগতে পঢ়ক: ভোগালীৰ আনন্দ, ৰৌ,ভকুৱা, চিতল আঁৰিৰে ভৰিছে উজান বজাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.